Breaking

তৃতীয় বাৰৰ বাবে হত্যাৰ ভাবুকি মুকেশ আম্বানীক! ৪০০ কোটি টকা দাবী…

0 101

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰী তথা ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে লাভ কৰিছে তৃতীয়টো মৃত্যুৰ ভাবুকি। এইবাৰ ৪০০ কোটি টকাৰ দাবী কৰিছে। ইয়াৰ পূৰ্বে মুকেশ আম্বানীয়ে দুবাৰকৈ ভাবুকি লাভ কৰিছিল। প্ৰথমবাৰৰ বাবে মুকেশ আম্বানীৰ পৰা ২০ কোটি টকাৰ দাবী আৰু দ্বিতীয়বাৰৰ বাবে ২০০ কোটি টকা দাবী কৰিছিল। সোমবাৰে প্ৰেৰণ কৰা ইমেইলত কোৱা হৈছিল যে যদি আৰক্ষীয়ে মোক বিচাৰি নাপায় তেন্তে মোক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। তৃতীয়টো ভাবুকিপূৰ্ণ ইমেইলটোও সেই একেটা ঠিকনাৰ পৰা আহিছে, য’ৰ পৰা পূৰ্বৰ দুটা ভাবুকিপূৰ্ণ ইমেইল আহিছিল। তৃতীয় মেইলত এই ধনৰাশি দুগুণ কৰি ৪০০ কোটি টকা কৰিবলৈ দাবী উত্থাপন কৰা হৈছে।

ইফালে মুম্বাই আৰক্ষী দুয়োটা মেইলৰ তদন্ত আৰু প্ৰেৰকজনৰ স্থান জানিবলৈ তদন্তত ব্যস্ত। বেলজিয়ামৰ ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক কোম্পানী (ভিপিএন)ৰ পৰা প্ৰেৰণ কৰা ভাবুকিপূৰ্ণ মেইলৰ তথ্য লাভ কৰিবলৈ আৰক্ষীয়ে ইন্টাৰপলৰ পৰা সহায় বিচাৰিছে। আৰক্ষীৰ মতে এই ভাবুকি দিয়া ব্যক্তিজন আন দেশৰ হ’ব পাৰে।

আম্বানীৰ নিৰাপত্তাৰক্ষী ভাৰপ্ৰাপ্তই দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আই পি চিৰ ৩৮৭ আৰু ৫০৬ (২) ধাৰাত এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ২৭ অক্টোবৰত প্ৰথমটো ভাবুকি দিয়া মেইল ​​মুকেশ আম্বানীলৈ প্ৰেৰণ কৰা হৈছিল আৰু পিছদিনা দ্বিতীয়টো মেইল ​​আহিছিল ২০০ কোটি টকাৰ দাবী।

Leave A Reply