মৰিয়নিত নায্য প্ৰাপ্তিৰ দাবীত পৌৰ সভাৰ কাৰ্যালয় ঘেৰাও চাফাই কৰ্মীৰ

মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ।মৰিয়নিৰ পৌৰসভাৰ কাৰ্যলয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্থ কৰিছে শতাধিক চাফাই কৰ্মীয়ে।অভিযোগ অনুসৰি প্ৰাপ্য বেতনকে ধৰি খোৱাপানী, বাসগৃহ তথা প্ৰয়োজনীয় মৌলিক সা সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে চাফাই কৰ্মীসকলক।ইয়াৰোপৰি চাফাই কৰ্মীসকলৰ অভিযোগ তেওলোকে পোৱা বেতন পূৰ্বতকৈ দুই হেজাৰ টকা কমাই দিয়া হৈছে।

যদিহে এসপ্তাহৰ ভিতৰত চফাই কৰ্মীসকলৰ সমস্যা সমাধানৰ পদক্ষেপ গ্ৰহণ নকৰে তেনেহ’লে মৰিয়নি নগৰত অনিদিৰ্ষ্ট কাললৈ চাফাই কৰ্মৰ পৰা বিৰতি ল’ব বুলি হুংকাৰ দিছে চাফাই কৰ্মীসকলে।

Related Articles