Munir Ahmed: পাকিস্তানী মহিলাক বিয়া পাতি তথ্য লুকুৱাই ৰখাৰ বাবে চি আৰ পি এফ জোৱানক চাকৰিৰ পৰা বৰ্খাস্ত

পাকিস্তানী মহিলাক বিয়া পাতি তথ্য লুকুৱাই ৰখাৰ বাবে চি আৰ পি এফ জোৱান(Munir Ahmed)এজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে৷ চি আৰ পি এফে এক বিবৃতিত কয় যে, ‘এয়া এক গুৰুতৰ চিন্তাৰ বিষয় যে চি আৰ পি এফৰ ৪১ বেটেলিয়নৰ চি টি/জি ডি মুনীৰ আহমেদে পাকিস্তানী নাগৰিকৰ সৈতে নিজৰ বিবাহ সম্পন্ন কৰি সেই কথা লুকুৱাই ৰখাৰ বাবে আৰু জানি-বুজি ভিছাৰ বৈধতাৰ বাহিৰত তেওঁক আশ্ৰয় দিয়াৰ বাবে তাৎক্ষণিকভাৱে সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে।

মুনীৰ আহমেদক স্পৰ্শকাতৰ জম্মু-কাশ্মীৰ মণ্ডলৰ পৰা ভূপাললৈ বদলি কৰাৰ এদিন পিছতে চি আৰ পি এফে এনে পদক্ষেপ গ্ৰহণ কৰে৷ পাকিস্তানৰ শিয়ালকোটৰ বাসিন্দা মিনাল খানৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ আহমেদে ২০২৩ চনত চি আৰ পি এফৰ পৰা অনুমতি বিচাৰিছিল। কিন্তু বিভাগে তেওঁৰ অনুৰোধৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেই ২০২৪ চনৰ ২৪ মে’ত আহমেদে খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ভাৰত তথা পাকিস্তানৰ ধৰ্মগুৰুসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই বিবাহৰ আয়োজন কৰে৷ পেহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পোহৰত ভাৰতে পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰাৰ পিছত মিনাল খানক জম্মুৰ পৰা নিজৰ দেশলৈ বিতাড়ন কৰা হৈছিল ৷

যোৱা ৩০ এপ্ৰিলত জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ে তেওঁক বিতাড়নৰ পৰা শেষ মুহূৰ্তত সকাহ প্ৰদান কৰিছিল। মিনালে জম্মু এৰি আটাৰী সীমান্তলৈ গৈছিল যেতিয়া তেওঁৰ অধিবক্তাই আদালতৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। চি আৰ পি এফ জোৱানৰ পত্নীক প্ৰতিনিধিত্ব কৰা অধিবক্তা অংকুশ শৰ্মাই সংবাদ সংস্থাক জনাইছে যে, ‘চি আৰ পি এফ কনিষ্টবল মুনিৰ আহমেদে ২.৫ মাহ পূৰ্বে পাকিস্তানী নাগৰিক মিনাল খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

Related Articles