Breaking

বাক্সালৈ সুনাম কঢ়িয়ালে মুনমী তালুকদাৰে

0 1,242

অসমৰ ভিতৰত শিক্ষা বিভাগত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে বাক্সাৰ মুনমী তালুকদাৰ। বাক্সালৈ সুনাম কড়িয়ালে মুনমী তালুকদাৰে।শিক্ষা বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে মুনমী তালুকদাৰে।লুইত একাডেমী জুনিঅৰ কলেজ ধমধমাৰ ছাত্ৰী আছিল মুনমী তালুকদাৰ।


আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰিক্ষাত ধমধমা লুইত একাডেমী জুনিয়ৰ কলেজৰ পৰা কলা শাখাত অৱত্তীৰ্ণ হোৱা খাগ্ৰাবাৰিৰ ধিৰেন তালুকদাৰ আৰু গিতা তালুকদাৰৰ প্ৰথমা কন্যা মুনমী তালূকদাৰে শিক্ষা বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাই বাক্সা জিলালৈ গৌৰৱ কঢ়ীয়াই আনিছে।

মুনমী তালুকদাৰে শিক্ষা বিষয়ত ১০০ ৰ ভিতৰত ৯৯‌ নম্বৰ পোৱাৰ বিপৰীতে ইংৰাজী ৮৩ ,অসমীয়া ৯৭,ৰাজনিতি বিভাগত ৯৫, কলা বিষয়ত ৯১, স্বদেশ অধ্যয়ন ৮৮ নম্বৰ লৈ আতাই কেইখনতে লেতাৰ সহ ৯৩ শতাংশ পাবলৈ সক্ষম হৈছে। মুনমী‌ তালূকদাৰৰ এনেকূৱা সফলতাৰলৈ উৎফলিত হৈছে ধমধমা অঞ্চলবাসিৰ লগতে পিতৃ মাতৃ, শিক্ষক শিক্ষয়িত্ৰী, খাগ্ৰাবাৰি অঞ্চলবাসি।

বাক্সাৰ মুছলপুৰৰ পৰা চম্পক মেধিৰ প্ৰতিবেদন

Leave A Reply