উৰুকাৰ নিশা চাঞ্চল্যকৰ ঘটনা ৷(Murder)
নিশা বন্ধুৰ ঘৰত বিহু খাবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ বন্ধুৰ পাকঘৰত ৷
পৰিয়ালৰ লগতে তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ অভিযোগ হত্যা কৰা হ’ল মণিকান্ত দুৱৰী নামৰ যুৱক জনক ৷
তিনিচুকীয়া জিলাৰ কাকপথাৰ উপৰ ওৱন গাঁৱত সংঘটিত হয় এই ঘটনা ।
পেটৰ তাড়নাত বহিঃৰাজ্যত কৰ্মৰত অতি দৰিদ্ৰ পৰিয়ালৰ মণিকান্ত প্ৰায় তিনিদিন পূৰ্বে ভোগালী বিহু বুলি আহিছিল ঘৰলৈ ৷
বুল গগৈ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে মণিকান্ত দুৱৰীক হত্যাৰ অভিযোগ ৷
জানিব পৰা মতে পলাতক বুল গগৈক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ।
দোষীক উচিত শাস্তিৰ লগতে দৰিদ্ৰ পৰিয়ালটোক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী পৰিয়ালৰ লগতে আটাছু তিনিচুকীয়া জিলা সমিতি আৰু কাকপথাৰ আঞ্চলিক সমিতি ও উপৰ ওৱন গাঁৱৰ ৰাইজৰ ৷

