Breaking

তেজপুৰ বিশ্ববিদ্যালয়ত নীলপৱন বৰুৱাৰ চিত্ৰকলাৰে সংগ্ৰহালয় উদ্বোধন…

0 2,097

ৰাজ্যৰ সাম্প্ৰতিক কালৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী পদ্মশ্ৰী  নীলপৱন বৰুৱাৰ ৫৬ খন ভিন্নমাধ্যমৰে অংকিত চিত্ৰৰে গটা সংগ্ৰহালয় তেজপুৰ বিশ্ববিদ্যালয়ত আজি উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিঞ্চু বৰুৱাই৷উল্লেখযোগ্য যে,বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান আৰু মানবিকি বিদ্যা শাখাৰ অন্তৰ্গত সংস্কৃতি অধ্যয়ন বিভাগৰ উদ্যোগত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিশেষ ক্ষেত্ৰত উৎকৰ্ষ সাধন কেন্দ্ৰৰ সহযোগত আজি দিনৰ ১১ .৩০ বজাত এই সংগ্ৰহালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন  কৰা হয়।এই সভাত আদৰণি ভাষণ প্ৰদান কৰে সংস্কৃতি অধ্যয়ন বিভাগৰ মুৰব্বী ড° পৰশমণি দত্তই। সংগ্ৰহালয়টো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি মুখ্য সচিব  বৰুৱাই ভাষণ প্ৰসংগত  কয় যে সমাজ আৰু সংস্কৃতিক ক্ষেত্ৰৰ উৎকৰ্ষ সাধনত বিশ্ববিদ্যালয়সমূহৰ এক বিশেষ ভূমিকা আছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ এই উদ্যোগৰ  শলাগ লৈ তেওঁ ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে। সভাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিনোদ কুমাৰ জৈনে চিপিইপিএৰ সমন্বয়ক অধ্যাপক দেৱৰ্ষি প্ৰসাদ নাথ আৰু সংগ্ৰহালয়টোৰ তত্বাৱধায়ক, সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° মৌচুমী কন্দলীৰ প্ৰচেষ্টাৰ সলাগ লয়।

তেওঁ কয় যে এনে এটা আধুনিক চিত্ৰকলাৰ সংগ্ৰহালয়ে বিশ্ববিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশটো এক বিশেষ মাত্ৰাৰ সংযোগ ঘটাব।আনহাতে অধ্যাপক নাথে ভাষণ প্ৰসংগত চিপিইপিএ ৰ কাৰ্যাৱলী সম্পৰ্কে সবিশেষ প্ৰকাশ কৰাৰ উপৰি ড° কন্দলীয়ে সংগ্ৰহালয়টো নিৰ্মাণৰ আঁৰৰ সবিশেষ ব্যক্ত কৰে। মানবিকি বিদ্যাৰ ডীন অধ্যাপক ফাৰহীনা দন্তা আৰু শোণিতপুৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰয়ো সভাত উপস্থিত থকি মন্তব্য আগবঢ়ায়। নীলপৱন বৰুৱাৰ পৰিয়ালৰ হৈ সুনীল পৱন বৰুৱা আৰু শিল্পী সমাজৰ হৈ মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য‌ই অনুষ্ঠানত মন্তব্য আগবঢ়ায়। বাঁহীবাদন আৰু নীলপৱন বৰুৱাক বিষয় হিচাপে লৈ কবি নীলমণি ফুকন আৰু বিপুলজ্যোতি শ‌ইকীয়াই ৰচনা কৰা দুটি কবিতাৰ পাঠেও অনুষ্ঠানটোত এক বিশেষ মাত্ৰা প্ৰদান কৰে।  শলাগৰ শৰাই আগবঢ়াই সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° জুৰি গগৈ কোঁৱৰে। সভাৰ আঁত ধৰে সংস্কৃতি অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰ কৌস্তভ জ্যোতি গোস্বামী আৰু বৰ্ষা নায়কে। সভাত প্ৰতিজন বক্তাই প্ৰথমবাৰৰ বাবে এগৰাকী শিল্পীৰ জীৱনকালতে এনে এটা সংগ্ৰহালয় নিৰ্মাণৰ অভিনৱ প্ৰচেষ্টাক প্ৰশংসা কৰে।

Leave A Reply