Breaking

“পত্নীয়ে ৰান্ধিব নাজানে। পাচলি কটা, বাচন ধোৱা, পুৱা শুই উঠাৰে পৰা নিশা বিচনাত পৰালৈকে ঘৰৰ সকলো কাম মই কৰিব লাগে, মোক পত্নীৰ পৰা মুক্তি লাগে”…

0 61

“পত্নীয়ে ৰান্ধিব নাজানে। পাচলি কটা, বাচন ধোৱা একো কামেই নাজানে। পুৱা শুই উঠাৰে পৰা নিশা বিচনাত পৰালৈকে ঘৰৰ সকলো কাম মই কৰিব লাগে। তাৰমাজতে অফিচো যাব লাগে। এনেকৈ মই নোৱাৰা হৈছো। মোক মুক্তি লাগে। পত্নীৰ পৰা মুক্তি লাগে।”- এই আৰ্জীৰে কেৰালা উচ্চ ন্যায়ালয়ত স্বামীৰ বিবাহ বিচ্ছেদৰ আবেদন। ইমানেই নহয়, পত্নীৰ বিৰুদ্ধে জঘন্য ব্যৱহাৰৰ অভিযোগ স্বামীৰ। আনকি আলহী অতিথিৰ সন্মূখতো অশ্ৰাব্য ভাষাৰে গালি গালাজ কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে।

এদিন পত্নীয়ে মুখত থুৱাই দিয়াৰো অভিযোগ আনিলে স্বামীয়ে। অৱশ্যে তাৰপাছত মুখত থুৱাই দিয়াৰ বাবে মাফ খুজিছিল পত্নীয়ে। কথাই প্ৰতি শাহুৱেকৰ সৈতেও পত্নীয়ে কাজিয়া কৰাৰ অভিযোগ স্বামীৰ। ঘৰততো বাদেই, অফিচলৈ গৈয়ো পত্নীয়ে ৰণচালি ধৰাৰ অভিযোগ স্বামীৰ। আনকি স্বামীৰ বিৰুদ্ধে এলানি অভিযোগ আনি বছৰ হাতত এখন দৰ্খাস্ত দি আহিছিল পত্নীয়ে। তাৰপাছতে বিবাহ বিচ্ছেদৰ সিন্ধান্ত চূড়ান্ত কৰা বুলি আদালতক জনালে কেৰালাৰ লোকজনে।

Leave A Reply