Breaking

গেলেকী মৰাণ গাঁৱৰ ৰেল বিভাগত কৰ্মৰত যুৱকৰ ৰহস্যজনক মৃত্যু…

0 58

গেলেকী মৰাণ গাঁৱৰ ৰেল বিভাগত কৰ্মৰত যুৱকৰ ৰহস্যজনক মৃত্যু

অঞ্চলজুৰি শোকৰ বন্যা

নাজিৰা গেলেকী মৰাণ গাঁৱৰ ৰেল বিভাগত কৰ্মৰত যুৱকৰ ৰহস্যজনক মৃত্যুকলৈ চাঞ্চল্য । ৰেলৰ ইঞ্জিনত ডবা সংযোগ কৰি থকা অৱস্থাত আন ৰেল কৰ্মচাৰীয়ে কোনো সংকেতসূচক (হৰ্ণ) নিদিয়াত এই অঘটন । জানিব পৰা মতে ডিব্ৰুগড় বাণীপুৰ ষ্টেচনত হাবিবুৰ ওৰফে টুটু আহমেদ নামৰ ৰেল কৰ্মচাৰী জনক ৰেলে মহতীয়াই নিয়ে ।

যাৰ ফলত থিতাতে নিহত হয় টুটু আহমেদৰ । দেশত হৈছে মেট্ৰ’ ৰেল সেৱা, কিন্তু ডিব্ৰুগড় বাণীপুৰ ষ্টেচন বৰ্তমানেও তথৈবচ অৱস্থা । এতিয়া ৰেল ষ্টেচনতে স্বয়ং সুৰক্ষিত নহয় ৰেল কৰ্মচাৰী । ৰেলত সংযোগ কৰা হৈছে ছেনিটাইজাৰ ডিস্পেঞ্চাৰ ।

প্ৰয়াত আহমেদ আছিল এগৰাকী স্পষ্টবাদ তথা জাতীয়তাবাদী ছাত্ৰ নেতা । তেখেতে পত্নী আৰু এটি পুত্ৰ সহ এগৰাকী কন্যা সন্তানক ইহ সংহাৰত এৰি থৈ গৈছে । ন্যায় পাবনে? দুৰ্ভগীয়া এই পৰিয়াটোৱে | এতিয়া অঞ্চলজুৰি শোকৰ বন্যা ।

Leave A Reply