APSC ৰ ফলাফলত সফলতা অৰ্জন বাক্সা জিলাৰ নৱ ডেকা

দৰিদ্ৰতা কেতিয়া ও শিক্ষাৰ সেত্ৰত হেঙাৰ হব নোৱাৰে এই কথা প্ৰমাণ কৰি দেখুৱালে এজন যুৱকে । বাক্সাৰ অতি দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক।নাম নৱ ডেকা সৰুৰে বহু কষ্ট কৰি পঢ়ি আহিছে। এটি যুপুৰি ঘৰত বাস কৰি পঢ়ি অহা বাক্সা জিলাৰ খাগ্ৰাবাৰি নিবাসী গণেশ ডেকা আৰু কামেনি ডেকাৰ কণিষ্ঠ পুত্ৰ নৱ ডেকাই ২০১১ চনত ৬৯ শতাংশ নম্বৰেৰে আঙ্গাৰধোৱা হাইস্কুল ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ২০১৩ চনত নৱ ডেকাই লুইত একিডেমী জুনিয়ৰ কলেজৰ পৰা ৮৯ শতাংশ নম্বৰ লাভ কৰাৰ লগতে অসমৰ ভিতৰতে logic বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিলে ।

আকৌ এতিয়া অসম লোকসেৱা আয়োগৰ inspector of statistics বিভাগত উত্তীৰ্ণ হ’ল । যাৰ বাবে আনন্দিত হৈছে এতিয়া পিতৃ মাতৃ, সমগ্র অঞ্চল বাসীৰ লগতে বন্ধু বৰ্গ সকল।

Related Articles