৭ জুন, ২০২৫ | নগাঁও । Nagaon । অসম সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁও, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত নগাঁও চহৰত অনুষ্ঠিত তিনিদিনীয় লেখক-শিৱিৰৰ দ্বিতীয় দিনটো চুটিগল্প আৰু উপন্যাস সাহিত্যৰ মননশীল আলোচনা সৈতে সম্পন্ন হয়।

নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পুৱা অনুষ্ঠিত উপন্যাস অধিৱেশনৰ প্ৰথম বৈঠকটো বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ সঞ্চালনাত আৰম্ভ হয়। মিলেশ্বৰ পাতৰে উদ্বোধন কৰা এই বৈঠকখনত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁতধৰা আলোচনাত অংশ লৈ উপন্যাস সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। অনুৰাধা শৰ্মা পূজাৰীয়ে উল্লেখ কৰে, “উপন্যাসত প্ৰতিটো চৰিত্ৰক স্বাধীন সত্ত্বা হিচাপে উপস্থাপন কৰাটো অতি প্ৰয়োজনীয়। লেখকৰ প্ৰিয় চৰিত্ৰবোৰে কেতিয়াবা আন চৰিত্ৰক ছাঁয়াৰ নিচিনা কৰি পেলায়।”
“উৰি গ’ল ৰাজহংস” কাব্যৰ স্ৰষ্টা প্ৰমোদ কলিতাই কয়, “ইতিহাসৰ ঘটনা উপন্যাসত উপস্থাপন কৰিলে সেয়া অধিক আকৰ্ষণীয় হৈ উঠে। উপন্যাসত সত্য ইতিহাস আৰু কল্পনাৰ মিশ্ৰণে সাহিত্যৰ সৌন্দৰ্য বাঢ়ে।”
বৈঠকখনত ড° শুভ্ৰকিংকৰ গোস্বামী, পুলিন কলিতা, ড° কাব্যশ্ৰী মহন্ত আদি বিশ্লেষকসকলে উপন্যাস সাহিত্যৰ বিভিন্ন দিশ—কাহিনী, বিষয়বস্তু, পটভূমি আদিৰ ওপৰত তত্ত্বগভীৰ আলোচনা আগবঢ়ায়।
বিয়লিৰ বৈঠকত সমালোচক অৰিন্দম বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত দ্বিতীয় অধিৱেশনত অংশগ্ৰহণ কৰে সাহিত্যিক ড° মালিনী, নয়নজ্যোতি ভট্টাচাৰ্য, পাৰিজাত বৰুৱা প্রমুখ। ড° মালিনীয়ে কয়, “উপন্যাসৰ উপস্থাপন ধাৰা সলনি হোৱা নাই, যদিও গল্পৰ ধাৰাত পৰিৱর্তন আহিছে। অধ্যয়ন নোহোৱাকৈ সৃষ্টি সুখজনক নহয়।”
সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে তেওঁৰ চমু ভাষণত কয়, “লেখক শিৱিৰৰ মূল উদ্দেশ্য হৈছে লেখক-পাঠকৰ মাজত সমন্বয় গঢ়ি তোলা। অসমত পাঠকৰ মূল্যায়ন যথেষ্ট হোৱা নেদেখা যায়, আৰু সমালোচকসকলৰ সংখ্যাও অত্যল্প।”

ইফালে, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ কমলা দেৱী তোদী ভৱনত চুটিগল্প অধিৱেশন অনুষ্ঠিত হয়। প্ৰথম বৈঠকত শিবানন্দ কাকতিয়ে সঞ্চালনা কৰে আৰু মনালিছা শইকীয়া, মণিকা দেৱী আৰু বিপাশা বৰা আলোচক হিচাপে অংশ লয়। দ্বিতীয় বৈঠকত সঞ্চালক আছিল ডা: অপূৰ্ব কুমাৰ শইকীয়া আৰু আলোচক হিচাপে ধ্ৰুৱজ্যোতি শৰ্মা, ড° পঞ্চানন হাজৰিকা আৰু জিন্তু গীতাৰ্থ উপস্থিত থাকে। তেওঁলোকে চুটিগল্পৰ শৈলী, বিষয়বস্তু আৰু সামাজিক মাধ্যমৰ প্ৰভাৱ আদিৰ বিষয়ে বাখ্যা আগবঢ়ায়।
বৈঠকসমূহ সফলভাৱে পৰিচালনা কৰাত সহায় কৰে নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° শৰৎ বৰকটকী, আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকা, জিলা সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, সহকাৰী সম্পাদক মৃগাংক বৰুৱা লগতে বিভিন্ন জিলাৰ সাহিত্য সভাৰ কৰ্মীসকল।
কাইলৈ পুৱা নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব নাটক অধিৱেশন। নাট্যকাৰ সপোনটি বৰদলৈয়ে অধিৱেশন উদ্বোধন কৰিব আৰু সঞ্চালনা কৰিব ড° ৰঞ্জন কুমাৰ ভট্টাচাৰ্য। আলোচক হিচাপে থাকিব প্ৰশান্ত কটকী, পংকজজ্যোতি ভূঞা, দেৱব্ৰত মহন্ত, হিল্লোল কুমাৰ পাঠক আৰু নিজৰা ৰাজকুমাৰী। নাটক অধিৱেশনটোৰ অন্তত সামৰণি অনুষ্ঠানৰ জৰিয়তে তিনিদিনীয়া লেখক-শিৱিৰ সমাপ্তি ঘোষণা কৰা হ’ব।