Nagaon Eviction: পুৱাই কঁপিল মধ্য অসমঃ মধ্য অসমত আৰম্ভ সৰ্ববৃহৎ উচ্ছেদ অভিযান

পুৱাই কঁপিল মধ্য অসম। (Nagaon Eviction) মধ্য অসমত আৰম্ভ সৰ্ববৃহৎ উচ্ছেদ অভিযান। চকুৰ সন্মুখতে ভাঙি দিয়া হ’ল বেদখলকাৰীৰ ঘৰ। চিঞৰি চিঞৰি কান্দিছে বেদখলকাৰীয়ে। নগাঁৱৰ লুটুমাৰী বনাঞ্চলত সৰ্ববৃহৎ উচ্ছেদ অভিযান। লুটুমাৰী বনাঞ্চলৰ ৭৯৫ হেক্টৰ ভূমিত উচ্ছেদ।

চুকুপানী টুকি টুকি নিজৰ আপোন ঘৰখন ভঙা চাইছে উচ্ছেদিত জনতাই। কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা চলিছে বেদখলকাৰীৰ বিৰুদ্ধে বন বিভাগ আৰু প্ৰশাসনৰ উচ্ছেদ। সংৰক্ষিত বনাঞ্চলটোত ১৭০০ পৰিয়ালে প্ৰায় ৫৯৬২ বিঘা ভূমি দখল কৰি আছিল। বন বিভাগ আৰু প্ৰশাসনৰ জাননীৰ পাছতে বহু লোক আঁতৰি গৈছিল যদিও যিসকল যোৱা নাছিল তেওঁলোকৰ বাসগৃহত পুৱাৰে পৰা চলিছে বুলড’জাৰ।

মছজিদতো চলিল নগাঁও প্ৰশাসনৰ চলিল বুলড’জাৰৰ। চিঞৰি চিঞৰি কান্দিছে উচ্ছেদিতই। শেষবাৰৰ বাবে কান্দি কান্দি নামাজ পঢ়িবলৈ আহিল উচ্ছেদিত জনতা। অন্তিমবাৰৰ বাবে মছজিদত চাবলৈ ওলাই আহি ক’লে- ‘মছজিদটো ভাঙিব নালাগিছিল, মনত বৰ দুখ পাইছোঁ’

Related Articles