নগাঁও বন বিভাগৰ দ্বাৰা চেগুন কাঠৰ কুণ্ডাসহ অবৈধ কাঠ ফলা মিল জব্দ

নগাঁও : নগাঁও বন বিভাগ আৰু জুৰীয়া আৰক্ষীৰ এক যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডাসহ এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। কালি জুৰীয়াৰ কালিয়াডিঙা পাম গাৱঁত এক গোপন তথ্য পম খেদি নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ এক নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰ আৰু জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে উক্ত অঞ্চলত অভিযান চলাই অবৈধ ভাৱে দীৰ্ঘদিন চলাই অহা কাঠফলা মিলটোৰ লগতে প্ৰায় ১৯ পিচ মূল্যবান চেগুন গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে, অভিযানৰ সময়ত কোনো এজন লোককে আটক কৰিব সক্ষম নহল অভিযানকাৰী দলে ৷ কালিৰ এই অভিযানত বন পালক ৰঞ্জন বৰা, নৃপেন বৰা, বনকৰ্মী মুক্তাৰ হুছেইন, দিনেশ ৰাজবংশী উপস্থিত আছিল ৷

Related Articles