নগাঁৱত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান।নগাঁও মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জুমনি কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলেকালি সন্ধিয়া মৰিকলং অঞ্চলৰ পৰা আটক কৰে এটা কুখ্যাত ড্ৰাগছ মাফিয়াক। কুখ্যাত ড্ৰাগছ মাফিয়াটোৰ নাম ৰিংকু আলি।ৰিংকু আলিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ৪০ হাজাৰ টকা মূল্যৰ ব্ৰাউন চুগাৰ।উল্লেখযোগ্য যে ৰিংকু আলিৰ মাতৃও বন্দী হৈ আছে কাৰাগাৰত।দীৰ্ঘদিনৰ পৰা ৰিংকুয়ে মৰিকলংৰ নিজ বাসগৃহৰ পৰাই চলাই আহিছিল এই অবৈধ বেহা৷

