Nagaon News: প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু…

নগাঁও জিলাৰ(Nagaon News) জামুগুৰিস্থিত অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমী বিদ্যালয়ৰ ৯ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষে বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।


প্ৰচণ্ড শীতৰ মাজতে বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলক সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ উদ্দেশ্যেৰে ৰঙীন সাজ পোছকৰে বিদ্যালয় প্ৰাংগণত উপস্থিত হয়হি। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলনৰ পাছতে
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

গ্ৰামাঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান “গুড গাইডেন্স একাডেমী”প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে দিহানাম,বৰগীত, সমবেত সংগীত, আধুনিক গীত আৰু নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তোলে।

Related Articles