আগন্তুক ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত নগাঁও জিলাৰ নৱগঠিত নগাঁও-বটদ্ৰৱা সমষ্টি আৰু একমাত্ৰ হিন্দু জনজাতিৰে ভৰপুৰ বঢ়মপুৰ সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাক্তন বিধায়ক দুৰ্ল্লভ চমুৱাই পুনৰ বাৰ প্ৰাৰ্থীত্ব বিচাৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে আৱেদন পত্ৰ জমা দিয়ে ৷
তেওঁক সহযোগিতা আগবঢ়াই যুৱ নেতা ড°অসীম কুমাৰ দাসৰ লগতে নগাঁও জিলা কংগ্ৰেছ দলৰ বিষয়ববীয়া,মহিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু যুৱ কংগ্ৰেছৰ সদস্য সকলে ৷

