Nagaon News: নগাঁৱৰ বৰ্ষীয়ান কালি বাদক ভীমেশ্বৰ মুদৈ, ৰাইজে দেখা; চৰকাৰে নেদেখা চহা শিল্পীগৰাকী আজিলৈকে নুঠিল চৰকাৰী শিল্পী পেঞ্চনৰ তুলাচনীত। উপেক্ষিত বৃদ্ধ পেঞ্চনৰ পৰাও

মানুহজনৰ নাম ভীমেশ্বৰ মুদৈ।(Nagaon News)বৰ্তমান তেওঁৰ বয়স ৭৫ বছৰ। নগাঁও চহৰৰ নিকটৱৰ্তী মাহৰোল জুৰীয়াৰ মুদৈ চুবুৰি নিবাসী ভীমেশ্বৰ মুদৈ নিজ অঞ্চলত ‘লোঠোকাই’ বা ‘কালিয়া’ নামেৰেও পৰিচিত। সত্ৰীয়া সংস্কৃতিৰ এগৰাকী সাধক, ওৰে জীৱন সমাজৰ বিভিন্ন কাম-কাজৰ সৈতে জড়িত হৈ অহা এইগৰাকী ভীমেশ্বৰ মুদৈ এগৰাকী কালি বাদক হিচাপে বিশেষভাৱে পৰিচিত। উল্লেখ্য যে আজিৰ নৱ প্ৰজন্মৰ হয়তো বহুতেই চিনি নোপোৱা এই ‘কালি’ নামৰ বাদ্যবিধ হৈছে এবিধ পেঁপা বা কাহল, অৰ্থাৎ মুখেৰে ফুঁকি বজোৱা এবিধ পিতলৰ যন্ত্ৰ বা বাদ্য। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া ভাওনাত যি কেইপদ বাদ্য সংগত কৰা হয়, তাৰ ভিতৰত অন্যতম বাদ্য হ’ল ‘কালি’। এই কালি বাদনৰ শব্দ বহু দূৰণিৰ পৰা ভাঁহি আহিলেও অনুমান কৰিব পাৰি ক’ৰবাত ভাওনা বা ৰাস উৎসৱ চলি থকাৰ বিষয়ে। দৰাচলতে কালি বাদন কৰিলেহে ভাওনাখনিৰ শোভা বৰ্দ্ধন হয় বাবেই এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। ইফালে, এইগৰাকী চহা শিল্পীয়ে জীৱনৰ পঞ্চাশ বছৰৰো অধিক সময় কালি বাদনেৰে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে। দুৰ্ভাগ্যৰ বিষয় এয়ে যে বৰ্তমান কালি বাদকৰ সংখ্যা নিচেই কম, সেয়ে আজিকালি সকলোতে ৰাস-ভাওনাসমূহত কালি বাদন কৰা সততে পৰিলক্ষিত নহয়।

এই সম্পৰ্কত কালি বাদক ভীমেশ্বৰ মুদৈয়ে আমাক জনোৱা মতে, প্ৰায় পঞ্চাশ বছৰ পূর্বে একেখন গাঁৱৰে প্ৰয়াত বাপুতি মুদৈ নামৰ সম্পৰ্কত তেওঁৰ তাৱৈজনৰ পৰা মাত্ৰ ২৯ টকাত কিনি লৈছিল এটা কালি। দৰাচলতে কোনো স্কুলীয়া শিক্ষা গ্ৰহণ নকৰা তথা কালি বাদনৰো কোনো অভিজ্ঞতা নথকা ভীমেশ্বৰ মুদৈক তাৱৈয়েকে এই কালি বাদ্য ভাগ জোৰকৈয়ে দি সাধনা অব্যাহত ৰাখিবলৈ আৰু ইয়াৰ জৰিয়তেই উপাৰ্জনৰ এক অন্যতম পথ হিচাপে বাছি ল’বলৈ পৰামৰ্শ দিছিল। সেই সময়ৰ পৰাই তাৱৈকে মনত গুৰু হিচাপে মানি লৈ এইগৰাকী চহা শিল্পী ভীমেশ্বৰ মুদৈয়ে নগাঁও জিলাৰ বিভিন্ন গাঁও-ভূঁইৰ উপৰি কাকী, বকলীয়াঘাট, ডিফু, তেজপুৰ, গোলাঘাট আদিতো ৰাস-ভাওনাসমূহত কালি বাদনেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

কালি বাদকগৰাকীয়ে জানিবলৈ দিয়া মতে পূৰ্বে তেওঁক কোনো এখন ৰাস-ভাওনাত কালি বাদনৰ বাবদ ১৫০-২০০ টকা দিছিল যদিও আজিকালি উদ্যোক্তাসকলে ২৫০০ টকা পৰ্যন্ত আগবঢ়ায়। এগৰাকী সাধাৰণ কৃষক হিচাপে নিজৰ কৃষিকৰ্মৰ মাজত ব্যস্ততাৰ মাজতে সামাজিক দায়বদ্ধতাৰ বাবেই হওক বা উপাৰ্জনৰ বাবে কালি বাদনকেই অন্যতম পথ হিচাপে বাছি লোৱা ভীমেশ্বৰ মুদৈৰ পৰিয়ালত আছে পত্নী, এটি পুত্ৰ, বোৱাৰী আৰু এটি নাতি।

জীৱনৰ সুদীৰ্ঘ কাল কালি বাদনেৰে অসমীয়া সমাজ জীৱনত বিশেষ প্ৰভাৱ পেলোৱা এইগৰাকী শিল্পীয়ে প্ৰসংগক্ৰমে আমাক জনোৱা মতে তেওঁ নগাঁও জিলাখনৰ ভিতৰত আটাইতকৈ বয়োজ্যেষ্ঠ কালি বাদক। বৰ্তমান জিলাখনত কালি বাদকৰ সংখ্যা নিচেই কম আৰু নতুন প্ৰজন্মই এই বাদ্যবিধ শিকিবলৈ আগ্ৰহীও নহয় বুলি আক্ষেপ কৰে। তেওঁ কাৰোবাক এই বাদ্যবিধৰ শিক্ষা দিব পাৰিলে সুখী হ’ব বুলি জানিবলৈ দিয়ে।

এইগৰাকী বিশিষ্ট কালি বাদক ভীমেশ্বৰ মুদৈক ইতিমধ্যে নগাঁও জিলা সাহিত্য সভা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি আৰু মৰিকলং আঞ্চলিক সমিতি, সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি, আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন (আপকু), নগাঁও ভাওনা সমাৰোহ, ন-ৰূপ সাংস্কৃতিক গোষ্ঠী- ৰহদৈ, সাংস্কৃতিক উন্নয়ন সংঘ- মৰিকলং, প্ৰগতি গ্ৰন্থাগাৰ আৰু সংঘৰ উদ্যোগত অনুষ্ঠিত ৰাস উৎসৱ উদযাপন সমিতি ডুগডুগী আদি সংগঠনৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাৰ উপৰি নগাঁও ভাওনা সমাৰোহ (২০১৩ চন)ত শ্ৰেষ্ঠ কালি বাদক হিচাপে সন্মানিত কৰে। কিন্তু দুখৰ বিষয় এয়ে যে বিভিন্ন প্ৰান্তৰ ৰাইজে যি গৰাকী কালি বাদকক সন্মান জনাই আহিছে, তেনে এগৰাকী চহা শিল্পীৰ প্ৰতি আজিলৈকে চৰকাৰৰ সুদৃষ্টি পৰা নাই। আজি পৰ্যন্ত এইগৰাকী দৰিদ্ৰ আৰু দুৰ্ভগীয়া বৃদ্ধ শিল্পীয়ে লাভ কৰা নাই চৰকাৰী শিল্পী পেঞ্চন, আনহে নালাগে স্থানীয় জনপ্ৰতিনিধি তথা গাঁও পঞ্চায়তেও আজিৰ তাৰিখলৈকে বৃদ্ধ পেঞ্চন অথবা অৰুণোদয় আঁচনিতো অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰাটো দুৰ্ভাগ্যজনক। এইগৰাকী প্ৰকৃত নিভাঁজ শিল্পীক জীৱনৰ বিয়লি বেলা হ’লেও চৰকাৰী শিল্পী পেঞ্চন আগবঢ়াই উপকৃত কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে।

Related Articles