নগাঁও চহৰৰ বাণিজ্যিক স্থান হিচাপে (Nagaon News) চিহ্নিত ঢাকাইপট্টি অঞ্চল জিলাখনৰ অতি ব্যস্ত আূৰু ব্যৱসায়িক অঞ্চল। স্বাধীনতাৰ পূৰ্বৰে পৰা বাংলাদেশৰ ঢাকাৰ অহা লোকৰ নামেৰে ঢাকাইপট্টি অঞ্চল পৰিচিত হৈ আহিছে । এই ঢাকাইপট্টিৰ নাম অচিৰেই সলনি হব।
অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জানিবলৈ দিয়া মতে নগাঁৱৰ সকলোৰে আবেগ অনুভূতিক সন্মান জনাই ঢাকাইপট্টীৰ নতুন নাম দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হব। মুখ্যমন্ত্ৰীৰ এই ঘোষনাক নগাঁৱৰ বিভিন্ন মহলে আদৰণি জনাইছে।

