নগাঁও জিলাৰ শালনা চাহ বাগিচাত(Nagaon news) অসম সাহিত্য সভাৰ শাখা মুকলি কৰাক লৈ আজি পুৱাৰ পৰা এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয়। পুৱা শালনা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী, সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, সাংগঠনিক সম্পাদক দীপিকা নাথ, প্ৰকাশন সমিতিৰ আহ্বায়ক মহেশ নাথ, ঐতিহ্য ৰক্ষা সমিতিৰ উপ-সভাপতি সুৰজিৎ গোস্বামী, জিলা কাৰ্যনিৰ্বাহক সদস্য ৰাতুলেশ্বৰ গোস্বামী উপস্থিত হোৱাৰ পিছত মাদল বজাই, ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি আদৰণি জনায় আৰু জিলা সাহিত্য সভাৰ বিষয়ববীয়াই ৪ জোপা বৃক্ষৰোপন কৰে। জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰায় দুই শতাধিক চাহ জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰে।
চাহ জনগোষ্ঠীয় নেতা, প্ৰাক্তন চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ সভাপতি সীমাঞ্চল দীগালে আদৰণি ভাষণ দিয়াৰ পিছত জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই চাহ জনগোষ্ঠীয়সকলক লৈ সাহিত্য সভাৰ শাখা খোলাৰ প্ৰয়োজন সম্পৰ্কে ব্যাখ্যা কৰে। সভাত সভাপতি ড০ বৰকটকীয়ে কয় যে চাহ জনগোষ্ঠী অসমৰ এক বৃহৎ জনগোষ্ঠী। চাহ জনগোষ্ঠীৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ ভেটি শক্তিশালী কৰিছে। অসমীয়া সাহিত্য চহকী কৰা চাহ জনগোষ্ঠীৰ সাহিত্যিক সকলৰ বিষয়ে উল্লেখ কৰি ড০ বৰকটকীয়ে কয় যে নগাঁও জিলা সাহিত্য সভাই চাহ জনগোষ্ঠীৰ প্ৰতিভাবান নতুন লেখক-লেখিকাৰ লেখনি প্ৰকাশ কৰাৰ আঁচনি হাতত লৈছে। তদুপৰি চাহ জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। সভাত জিলা সাহিত্য সভাৰ উপ-সভাপতি নবীন বৰঠাকুৰেও ভাষণ প্ৰদান কৰে। কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ হাজৰিকা, সম্পাদক জগত মেধিয়েও উক্ত কাৰ্যসূচীত ভাগ লয়। নগাঁও জিলা চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, আদিভাষী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি, সম্পাদকেও এই সভাত অংশগ্ৰহণ কৰি সাহিত্য সভাৰ সভাপতি, সম্পাদকক আদৰণি জনায়। সভাত সকলোৰে সন্মতিক্ৰমে চাহ বাগিচা শাখা সাহিত্য সভাৰ সভাপতি মঙ্গল নায়ক আৰু সম্পাদক হিচাপে ৰাম বিকাশ তাঁতীক আৰু চাহ জনগোষ্ঠীৰ অন্যতম কবি প্ৰতিমা ৰাজৱাৰক পত্ৰিকা সম্পাদক হিচাপে নিৰ্বাচন কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ তাঁতীয়ে শুভেচ্ছা বাণী প্ৰেৰণ কৰে আৰু চাহ জনগোষ্ঠী সাহিত্য সভাৰ জিলা সভাপতি গোলাপ চন্দ্ৰ তংলাই অসম সাহিত্য সভাৰ লগত সম্পৰ্ক ৰক্ষা কৰি জনগোষ্ঠীৰ হৈ সাহিত্যৰ বিকাশৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মঙ্গল নায়ক আৰু অঞ্জনা পাহাৰীয়াই ঝুমুৰ গীত পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে। সভাত জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ বাবে চাহ জনগোষ্ঠীৰ নেতা সীমাঞ্চল দিগালক সভাপতি আৰু উদন চহৰীয়াক সম্পাদক হিচাপে লৈ এখন প্ৰস্তুতি সমিতি গঠন কৰা হয়।
প্ৰতিমা ৰাজৱাৰে শলাগৰ শৰাই আগবঢ়াই আৰু চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলে দীপিকা নাথৰ নেতৃত্বত জাতীয় সংগীত পৰিবেশন কৰে।উল্লেখযোগ্য যে কলিয়াবৰ শাখা সাহিত্য সভাই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস এইবাৰ শালনাত অনুষ্ঠিত কৰিব বুলি শাখা সম্পাদক জগত মেধিয়ে ঘোষণা কৰে। নগাঁও জিলা সাহিত্য সভাই চাহ বাগিচাত শাখা মুকলি কৰি আজি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি চাহ জনগোষ্ঠীৰ নেতা সীমাঞ্চল দিগালে মন্তব্য কৰে। জিলা সাহিত্য সভাৰ তৰফৰ পৰা নতুনকৈ গঠিত প্ৰতিগৰাকী চাহ বাগিচা শাখা সাহিত্য সভাৰ বিষ়ববীয়াসকলক একোখনকৈ গ্ৰন্থ উপহাৰ দিয়ে।