নগাঁৱৰ ‘অবিনশ্বৰ গোষ্ঠী’ৰ নিবেদনত(Nagaon News) নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ১৯ মে’ৰ নিশা “তলসৰা এজাক তৰা বুটলি” নামৰ এখনি সামাজিক নাটক মঞ্চস্থ কৰা হয়। যুৱ প্ৰজন্মৰ এগৰাকী সফল অভিনেত্ৰী তথা ইতিপূৰ্বে পাঁচখনকৈ নাট ৰচনাৰে নাট্যপ্ৰেমীসকলৰ মাজত পৰিচিত হৈ পৰা তুহিনকন্যা বৰাৰ কলমত এইবাৰ প্ৰাণ পাই উঠিছে “তলসৰা এজাক তৰা বুটলি” নামৰ এই নাটখনি। নাট্যকাৰগৰাকীয়ে নাটখনি ৰচনাৰ লগতে পৰিচালনাও কৰা এই নাটখনি বাস্তৱধৰ্মী হ’লেও প্ৰকাশভঙ্গী বা প্ৰতিটো দৃশ্য উপস্থাপন শৈলী কিছু সুকীয়া। এনে ক্ষেত্ৰত সাধাৰণ শ্ৰেণীৰ দৰ্শক পোনচাটেই নাটকৰ মাজত সোমাই পৰিবলৈ অসুবিধা পাব পাৰে। নাটখনিৰ বিষয়ে ক’বলৈ গ’লে নিবিৰ আৰু কঁহুৱা নামৰ এহাল ডেকা-গাভৰু জীৱনৰ সন্ধানত একেটি পথত লগ হয়। তেওঁলোকৰ অন্তৰ্নিহিত পৰিচয়ৰ সন্ধান আৰু অতীতৰ সৈতে ইয়াৰ যুগসূত্ৰ স্থাপন কৰাৰ চেষ্টাই নাটখনিৰ মূল উদ্দেশ্য। নাটকখনে মানুহৰ জীৱনৰ অর্থ, অতীতক আলিংগন কৰাৰ সাহস, জীৱনৰ প্ৰকৃত সত্যৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা আৰু অনুভৱ উদ্ভাসিত হৈছে। সাধাৰণ দৰ্শকৰ দৃষ্টিকোণেৰে চাবলৈ গ’লে নাটখনিৰ মাজেৰে মানৱ জীৱনত সচৰাচৰ সংঘটিত কিছুমান ঘটনা-পৰিঘটনাক একো একোটা বিষয় হিচাপে তুলি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। নাটখনিৰ চৰিত্ৰ মাত্ৰ দুটা। ইয়াৰে এটা চৰিত্ৰত অভিনয় কৰিছে নাট্যকাৰ তুহিনকন্যা বৰাই নিজে আৰু আনটো চৰিত্ৰত হৃদয়দ্বীপ গগৈয়ে।
সঁচা অৰ্থত দুয়োৰে অভিনয় নিখুঁত হৈছে। নাটখনি সুন্দৰ পৰিকল্পনাৰে সজালে প্ৰাঞ্জল প্ৰতীম মহন্তই। সহ: পৰিচালক হিচাপেও আছিল পৰিকল্পক প্ৰাঞ্জল প্ৰতিম মহন্ত। সংগীত সংৰচনা আৰু প্ৰয়োগত হৃদয় কৈলাশ (নীল) সফল হৈছে বুলিব পাৰি। সংগীত ব্যৱস্থাপনা নিশান কাশ্যপৰ। নাটখনিৰ আৱহ সংগীতত কন্ঠ নিগৰাইছে অনুৰাগ বৰুৱা (নিয়ৰ), নিলোৎপল বৰ্মন আৰু পৰিনান্ধি জিমা চুলতানাই। পোহৰ পৰিকল্পনা আৰু নিয়ন্ত্ৰণ সোনমণি শৰ্মাৰ। সঠিক পোহৰ পৰিকল্পনা আৰু মসৃণ নিয়ন্ত্ৰণে নাটখনি ছৱিময় কৰি তুলিছে। সাজ-সজ্জা লয়ন ৰঞ্জন শইকীয়া, প্ৰত্যাশা শৰ্মাৰ। নেপথ্যত সহায় কৰিছে বেদান্ত নেওগ, প্ৰজ্ঞানব্ৰত কলিতাই। নাটখনিৰ কলা-কুশলীসকলৰ মাজত নাম নাথাকিলেও নাটখনি মঞ্চস্থৰ বেলিকা প্ৰধান অৰিহণা আছে ‘অবিনশ্বৰ গোষ্ঠী’ৰ সাধাৰণ সম্পাদক, বিশিষ্ট নাট্যশিল্পী দীপক বৰাৰ। তিনি শতাধিক নাট্যপ্ৰেমী দৰ্শকেৰে পৰিপূৰ্ণ প্ৰেক্ষাগৃহটোৰ সমূহ দৰ্শকেই ১ ঘন্টা ২০ মিনিট দৈৰ্ঘ্যৰ নাটখনি মনোযোগেৰে উপভোগ কৰাটো লক্ষণীয়। দৰ্শকৰ দৃষ্টিকোণেৰে চাবলৈ গ’লে এগৰাকী যুৱ নাট্যকাৰ হিচাপে তুহিন কন্যা বৰাৰ উজ্জ্বল ভৱিষ্যতৰ ছবি পৰিস্ফুট হৈ পৰিছে। দৰ্শকৰ ৰুচিবোধ আৰু সাম্প্ৰতিক সময়ৰ নাটকৰ ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি বিষয়বস্তু উপস্থাপনৰ কৌশল, যথাসময়ত উপযুক্ত সংলাপ সৃষ্টি, প্ৰয়োজনবোধে অতিৰিক্ত চৰিত্ৰ সংযোজন আদি দিশ সমূহে স্বাভাৱিকতে নাটক এখনি পৰিপূৰ্ণ কৰি তোলাত সহায়ক হয় আৰু সেয়া উদীয়মান নাট্যকাৰ গৰাকীয়ে নিশ্চয়কৈ অনুভৱ কৰিছে বুলিব পাৰি।
কিন্তু নাটখনিত ভাবনাক বেছি অগ্ৰাধিকাৰ দিয়া বাবে দুটি চৰিত্ৰৰ মাজেৰে বিষয়বস্তুয়ে গতি কৰাত কোনো কোনো ক্ষেত্ৰত যেন উজুটি খাবলগা হৈছে এনে ভাব হয়। সীমিত সা-সুবিধাৰ মাজেৰে তথা সময়ৰ প্ৰতি লক্ষ্য ৰাখি হয়তো এটা ‘ছেটিংছ’তে নাটখনি সম্পন্ন কৰা হ’ল বুলি ভবাৰ থল আছে। যিয়েই নহওক, সামগ্ৰিকভাৱে নাটখনিয়ে দৰ্শকক সন্মোহিত কৰিব পাৰিছে। শেষত ক’ব পাৰি– দৰ্শকে এখন ভাল নাটক উপহাৰ পালে আৰু নাটখনি মঞ্চস্থৰ বেলিকা প্ৰথম খোজতে অনাকাংক্ষিত ভাবে যি দুই এক সৰু-সুৰা খুটি-নাটি ৰৈ গৈছে সেয়া ভালকৈ মন দিলে অধিক মনোৰম হ’ব।