নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাবে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা আৰক্ষীয়ে জিলা খনৰ সৰ্বত্ৰতে ড্ৰাগছৰ বিৰুদ্ধে আৰু অপৰাধ মূলক কাম কাজৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। সমান্তৰাল ভাবে আৰক্ষীয়ে এনে বোৰ কাম কাজৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । আৰক্ষীৰ সমান্তৰালভাৱে ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে সতৰ্ক দৃষ্টি ৰাখিছে । আজি নগাঁও চহৰৰ চকীটুপ অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰিবলৈ যোৱা এজন যুৱকক ৰাইজে কৰায়ত্ত কৰে । ইয়াক কেন্দ্ৰ কৰি চকীটুপ অঞ্চলত উত্তপ্ত পৰিস্থতিৰ সৃষ্টি হয় । পিছত ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুবক জনক আটক কৰি নগাঁও সদৰ থানালৈ লৈ আহে । ইপিনে নগাঁও আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ বিভিন্ন স্থানৰ পৰা বুজন পৰিমানৰ ড্ৰাগছ সহ ১০ জনৰো অধিক ড্ৰাগছ সৰহবৰাহকাৰী আৰু ব্যবসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । নগাঁও আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই ১৭ মেত যোগদান কৰাৰ পিছৰে পৰা আৰক্ষী অধীক্ষক গৰাকী ড্ৰাগছ আৰু নিছা যুক্ত ঔষধৰ বিৰুদ্ধে তৎপৰ হৈ পৰে । আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশত নগাঁও জিলা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী স্কোৱাড আৰু অপৰাধ নিয়ন্ত্ৰণৰ বাবে ৰাইডাৰ স্কোৱাড গঠন কৰি অভিযান অব্যাহত ৰাখিছে । জিলাখনৰ ৰূপহীহাট , জুৰীয়া , ধিং , কচুৱা , ৰহা , চামগুৰি , বটদ্ৰবা , কামপুৰ , আদি আৰক্ষী থানাই আজি ১১ দিনে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ , ৬০ জনৰো অধিক ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যবসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । আজি নগাঁও সদৰ থানাই গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন হল – মিনাৰা বেগম , আৰিফুল হক , বাহাৰুল ইছলাম , মিৰাজুল হক , পঙ্কজ বৰা , দিদাৰুল হক , ছাদ্দাম হুছেইন । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে । নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব । আমি নগাঁও জিলাক ড্ৰাগছ মুক্ত জিলা হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছো । এই ক্ষেত্ৰত আমি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ ।

