Breaking

বিতৰ্কৰ আৱৰ্তত নগাঁও আৰক্ষী : চৌৰ্যবৃত্তিৰ অভিযোগ তুলি ব্যৱসায়ীয়ে তৰিলে গোচৰ

0 2,020

থানাৰ ভিতৰতে অপৰাধীৰ হাতত প্ৰহৃত হৈ অসম আৰক্ষীক কলংকিত কৰা নগাঁৱৰ মৰিকলং আৰক্ষী চকী পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। মৰিকলং আৰক্ষী চকীৰ আক্ৰমণৰ ঘটনাৰ দুমাহ উকলি যোৱাৰ পিছতো মুল অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱা নগাঁৱৰ মৰিকলং আৰক্ষীয়ে সাধাৰণ মাছ ব্যৱসায়ীক ডকা-হকা দি বজাৰত বিক্ৰী কৰিবলৈ অনা মাছ কাঢ়ি নিয়াৰ অভিযোগ উঠিছে। জানিবপৰা মতে ইদ্ৰিছ আলী নামৰ এগৰাকী মাছ ব্যৱসায়ীয়ে এই অভিযোগৰ ভিত্তিৰ মৰিকলং আৰক্ষীৰ বিৰুদ্ধে তৰিছে গোচৰ। আলীৰ অভিযোগ অনুসৰি আজি পুৱা তেঁও বজাৰলৈ মাছ বিক্ৰী কৰিবলৈ যোৱাৰ সময়ত মৰিকলং আৰক্ষী চকীৰ সন্মুখতে আৰক্ষীৰ এটা দলে তালাচীৰ বাবে ৰখাই। আৰক্ষীৰ দলটোৱে আলীৰ পৰা নগদ ১হাজাৰ টকা দাবী কৰে। কিন্তু আলীয়ে ১হাজাৰ টকাৰ পৰিৱৰ্তে ১০০টকা দিয়াত খঙতে মৰিকলং আৰক্ষীৰ দলটোৱে তেঁও বিক্ৰী কৰিবলৈ নিয়া সকলো মাছ কাঢ়ি লয়। ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে ১হাজাৰ টকা নিদিয়ালৈকে মাছ উভতাই নিদিয়াৰো ভাবুকি দিয়ে। ইদ্ৰিছ আলীয়ে তেঁওৰ মাছ খিনি ঘূৰাই দিয়াৰ বাবে বহুবাৰ অনুৰোধ জনোৱাৰ পিছতো মৰিকলং আৰক্ষীয়ে তেঁওক মাছ ঘূৰাই নিদিয়াত তেঁও উপায়হীন হৈ মৰিকলং আৰক্ষীৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ প্ৰদান কৰে। এই ঘটনাৰ পিছতে ইদ্ৰিছ আলীয়ে নগাঁৱৰ সংবাদ মাধ্যমকো তেঁওক সহায়ৰ বাবে আহ্বান জনাই। আনহাতে এই সমগ্ৰ অভিযোগক অৱশ্যে নস্যাৎ কৰিছে মৰিকলং আৰক্ষীয়ে। আৰক্ষীৰ মতে ইদ্ৰিছ আলীৰ এই অভিযোগ সম্পূৰ্ণ মিছা।

Leave A Reply