নগাঁৱৰ ৰৌমাৰীত ড্ৰাগছ আসক্ত পুত্ৰৰ আঘাতত প্ৰাণ গল পিতৃৰ

নগাঁও আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। ইতিমধ্যে জিলাখনৰ বহু কেইজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে কেবাটাও ড্ৰাগছ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে জিলাখনৰ জুৰীয়াৰ সমীপৰ ৰৌমাৰীত ড্ৰাগছ কেন্দ্ৰ কৰি সংঘটিত হ’ল এক জঘণ্য কাণ্ড। জানিব পৰা মতে, ড্ৰাগছ আসক্ত পুত্ৰৰ হাতত প্ৰাণ গল পিতৃৰ। যোৱা ২৬ মে’ৰ দিনা পিতৃ মহম্মদ আলী পথাৰৰ পৰা ঘৰলৈ আহি শুই থকা অৱস্থাত পুত্ৰ আজিজুল হকে চুৰীৰে হানিখুচি আঘাত কৰে পিতৃক। ঘটনা সংঘটিত কৰি পলায়ন কৰে আজিজুল। পিছত ততাতৈয়াকৈ পৰিয়ালৰ লোকে আঘাতপ্ৰাপ্ত মহাম্মদ আলীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়। অৱশেষত আজি তাতে তেওঁ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে হত্যাকাৰী আজিজুল ড্ৰাগছ আসক্ত এজন উশৃংখল যৱক। ড্ৰাগছ সেৱন কৰিবলৈ পিতৃয়ে ধন নিদিয়াৰ বাবেই এনে নৃশংস তথা ভয়ঙ্কৰ কাণ্ড সংঘটিত কৰা বুলি স্থানীয় এক সুত্ৰে জনা গৈছে। বৰ্তমান হত্যাকাৰী পুত্ৰ আজিজুল হক পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

Related Articles