কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ মৌজাৰ প্ৰাক্তন মৌজাদাৰ, হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, হেকৰা মিলনপুৰ বজাৰৰ প্ৰতিষ্ঠাপক, বিশিষ্ট সমাজকৰ্মী, হেকৰা গাওঁৰ বাসিন্দা সম্বৰুৰাম চৌধুৰী (৮৯) ৰ বুধবাৰে বাৰ্ধক্যজনিত কাৰণত নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ নশ্বৰদেহ সন্মুখত লৈ গুণমুগ্ধ সকলে হেকৰা গাওঁৰ বিভিন্ন স্থানলৈ নি অন্তিম শ্ৰদ্ধা যাঁচে আৰু তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰে। নগৰবেৰা মৌজাৰ প্ৰক্তান মৌজাদাৰ সম্বৰুৰাম চৌধুৰীৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

