অসম-মেঘালয়ৰ সীমা বিবাদক লৈ উত্তেজনা চলি থকাৰ মাজতেই এইবাৰ অসমৰ ভূমিত পুনৰ চলিছে নগাৰ আগ্ৰাসন। নাজিৰাৰ বিহুবৰৰ ঔগুৰিজানত আজি পুৱাই জেচিবি লগাই নগা আৰক্ষীয়ে ভাঙি তহিলং কৰিছে কেইবাখনো দোকান ঘৰ।

ঘটনাস্থলীৰ পৰা কিছু নিলগতেই থকা বিহুবৰ আৰক্ষী থানা থকাৰ পিছতো কিদৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ নগা আৰক্ষীয়ে এই দোকান সমূহ ভাঙি তহিলং কৰিলে তাক লৈও সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
-নাজিৰাৰ পৰা দিলীপ হাজৰিকা প্ৰতিবেদন