কৃতী ছাত্ৰ পিনাক পৰাণ কাশ্যপক নাগশংকৰ আলোকৰ শুভাশীষ প্ৰদান…

বিশ্বনাথ জিলাৰ নাগশংকৰ অঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান আলোকৰ উদ্যোগত অঞ্চলটোৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ পাৰদৰ্শিতাৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যৰে অভিনন্দন অনুষ্ঠানৰ লগতে প্ৰয়াত শংকৰ ভূঞা আৰু কমল শইকীয়া শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়৷ সেই উপলক্ষে আলোকৰ বৰ্তমানৰ সভাপতি নাৰায়ণ হাজৰিকা আৰু সম্পাদক জিতু বৰাৰ নেতৃত্বত পদ্মেশ্বৰ শইকীয়া,ৰাতুল বৰা,পৰেশ শইকীয়া,পদ্ম পাঠক,বিমান শইকীয়া,অপু বৰা,চিন্ময় কলিতা প্ৰমুখ্যে আলোকৰ কেইবাগৰাকীও সন্মানীয় সদস্য তথা বিষয়ববীয়াই ১৪ মে’ মঙলবাৰে নাগশঙ্কৰ অঞ্চলৰ

কুমাৰচুক গাৱঁৰ বাসিন্দা শিক্ষয়িত্ৰী কৃষ্ণা বৰুৱাৰ বাসগৃহত উপস্থিত হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩.১৬ শতাংশ নম্বৰৰে ডিষ্টিংচনসহ উত্তীৰ্ণ হোৱা কৃতীমান ছাত্ৰ পিনাক পৰাণ কাশ্যপক গামোচা,মানপত্ৰ,স্মাৰক আৰু নগদ ধনৰে পুৰস্কৃত কৰে৷ সৰুৰে পৰা আইতাক কৃষ্ণা বৰুৱাৰ লগত থাকি চতিয়াৰ ৰাজহুৱা খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠত পিনাক পৰাণে শিক্ষা গ্ৰহণ কৰিছিল৷এইবাৰ উক্ত বিদ্যালয়ৰ পৰা ছেবাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হোৱা পিনাক পৰাণ কাশ্যপ গুৱাহাটী নিৱাসী সমাজকৰ্মী

ভাস্কৰ কলিতা আৰু সাংবাদিক লেখিকা দৰ্শনা বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ৷ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পঢ়া শুনাৰ লগতে সাহিত্য -সংস্কৃতিৰ ক্ষেত্ৰতো বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা পিনাক পৰাণ কাশ্যপে আলোকৰ দৰে এটি অগ্ৰণী অনুষ্ঠানৰ পৰা লাভ কৰা এনেধৰণৰ উৎসাহ আৰু প্ৰেৰণাৰ বাবে আলোকৰ সকলো সন্মানীয় সদস্যক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে বুলি জানিব পৰা গৈছে৷প্ৰণিধানযোগ্য যে আলোকৰ উদ্যোগত পিনাক পৰাণ কাশ্যপৰ লগতে অঞ্চলটোৰ আন কেইবাগৰাকীও কৃতী ছাত্ৰ-ছাত্ৰীক এইদৰেই অভিনন্দন জ্ঞাপন কৰা হয় ৷

Related Articles