দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ২২অক্টোবৰঃ সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো অনুষ্টুপীয়া ভাৱে শাৰদীয় পূজাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল শাৰদীয় দুৰ্গা পূজা। ক’ৰনাৰ ভয়াবহতাৰ বাবে পূজা কমিটি, পুৰোহিতৰ লগতে ভক্ত সকলেও পালন কৰিব লাগিব স্বাস্থ্যবিভাগৰ কঠোৰ নিৰ্দেশনা। আজি ষষ্ঠী পূজা। বৃহস্পতিবাৰে পুৱা ৯ বাজি ১২ মিনিট ৫২ ছেকেণ্ডৰ ভিতৰত দেবী দুৰ্গাৰ ‘কাত্যায়নী’ ৰূপত আৰম্ভ হয় যথা বিহিত পূজা-আৰাধনা।
সন্ধিয়া হ’ব দেবীৰ আমন্ত্ৰন-অধিবাস। আধ্যাত্মিক পৰিবেশত বেদীত প্ৰতিষ্ঠা হ’ব ঘট আৰু দেবী প্ৰতিমা। এইবাৰ ‘দোলাত’ আগমণ ঘটিব দেবী দুৰ্গাৰ। ক’ৰনাৰ বাবে নাজিৰা মহকুমা বিভিন্ন প্ৰান্তৰ লগতে নামতি, গেলেকী আৰু শিমলুগুৰিত অনুষ্টুপীয়াকৈ উদযাপন হৈছে শাৰদীয় দুৰ্গোৎসৱ। পূৰ্বৰ দৰে পূজাৰ বতৰত এইবাৰ বজাৰত নাই ভিৰ। ৰাতি পূজাৰ আমেজো নাপাব এইবাৰ নাজিৰাবাসীয়ে। দুচকীয়া বাহনত পূজা চাব নোৱাৰৰ লগতে নিশা ৯ বজাতেই বন্ধ কৰিব লাগিব হোটেল, ৰেষ্টুৰেণ্টসমূহ ।

