বৰক্ষেত্ৰীৰ লাৰকুছিত সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিশাল আয়োজন

বৰক্ষেত্ৰীৰ ৰামপুৰ- লাৰকুছিৰ কুৰুৱাট্টাৰী বড়ো চুপা সমন্বয় ক্ষেত্রত ২৯ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰী ২০২৬ ইংৰাজী বৰ্ষলৈ সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিশাল আয়োজন চলিছে।

উছমান আহমেদৰ(মেণ্টৰ) তত্বাৱধানত সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আয়োজন কৰিছে। সৰবৰহী যুৱক আনোৱাৰ হুছেইন(বৰা)ক পৰিচালনা সমিতিৰ সভাপতি, জাহিদুল ইছলামক কাৰ্য্যকৰী সভাপতি, ফাৰুক হুছেইন, ৰফিকুল ইছলাম আৰু একাব্বৰ আহমেদক পৰিচালনা কমিটিৰ যুটীয়া সম্পাদক, আলতাফ হুছেইন(বৰাক) তদাৰক কমিটিৰ সম্পাদক, শ্বাহৰুখ হুছেইন আৰু ছোৰহাব আলী, আবুবক্কৰ ছিদ্দিকক উপদেষ্টা হিচাপে লৈ গঠিত সমিতিয়ে জনোৱা অনুসৰি, ২৯ ডিচেম্বৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা স্বচ্ছ অভিযান,পতাকা উত্তোলনৰ পিছতে বৃক্ষৰোপণ কৰে ১৯ নং হৰিপুৰ জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদে। সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ধোধন কৰে ডা:চাহনুৰ আলী আৰু হাইদৰ আলী আহমেদে।


আবেলি ৫ বজাত অসমৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ সমূহীয়া শ্ৰদ্ধাঞ্জলিৰ লগতে আত্মাৰ চিৰশান্তি কামনাৰে বন্তি প্ৰজ্বলন কৰিব। সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ প্ৰিয়ংকা কলিতাৰ গীতৰ শৰাইৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰিব। উল্লেখ্য যে প্ৰতি বছৰে এই গ্ৰন্থ আৰু বাণিজ্য মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে ৫ ৰ পৰা ৬ হেজাৰ লোকে আহি ভীৰ কৰে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

Related Articles