Breaking

নলবাৰীৰ বান সাহায্য কেন্দ্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

0 92

নলবাৰী : সাম্প্ৰতিক বানৰ দ্বাৰা প্ৰভাৱিত হোৱা লোকসকলৰ বৰ্তমানৰ পৰিস্থিতি প্ৰত্যক্ষভাৱে বুজ লোৱাৰ অৰ্থে আজি নলবাৰী জিলাৰ কালাগস্থিত বৰভাগ মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

এই শিবিৰটোৰ চৌপাশ এতিয়াও জলমগ্ন হৈ আছে৷

আশ্রয় গ্রহণকাৰীসকলৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ লগতে তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

এই পৰিদৰ্শনৰ সময়ত সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ শ্ৰীদিলীপ শইকীয়া, প্রাক্তন বিধায়ক শ্ৰীনাৰায়ণ ডেকা, নলবাৰী জিলাৰ উপাযুক্ত শ্ৰীমতী গীতিমণি ফুকন উপস্থিত থাকে৷

Leave A Reply