নলবাৰীৰ এখন ব্যক্তিগত (Nalbari News) বিদ্যালয়ত বৰদিন উদযাপনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক ঘটনাক লৈ অসমজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। অভিযোগ অনুসৰি, একাংশ হিন্দুত্ববাদী সংগঠনৰ সদস্যই বিদ্যালয়ত প্ৰৱেশ কৰি বৰদিন উপলক্ষে ৰখা বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে জুই লগাই দিছিল। উক্ত ঘটনাত আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।
ইতিমধ্যে বেলশৰ আৰক্ষীয়ে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সৈতে জড়িত ৪ জন নেতাক গ্ৰেপ্তাৰ কৰিছে। ঘটনা সংক্রান্তত বেলশৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইপিনে,
ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বেগ প্ৰকাশ কৰিছে। সামাজিক মাধ্যম এক্সত দিয়া এক বিবৃতিত মুখ্যমন্ত্ৰীয়ে কয় যে নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত পানীগাঁৱত অৱস্থিত ছেইণ্ট মেৰিজ ইংৰাজী স্কুলত সংঘটিত ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ লগতে কয় যে অসম আৰক্ষীয়ে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আইন অনুসৰি দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব। ৰাজ্যত শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সকলো নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
আৰক্ষীৰ তথ্য অনুসৰি, বুধবাৰে সংঘটিত এই ঘটনাত অভিযুক্তসকলে বিদ্যালয় চৌহদত প্ৰৱেশ কৰি বৰদিন উদযাপনৰ বাবে ব্যৱহাৰ কৰা ষ্ট্ৰীট লাইট, ফুলৰ টাব আদি সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে আৰু উৎসৱৰ পূৰ্বেই সেইবোৰ জ্বলাই দিয়ে।

