নলবাৰী : জনস্বাস্থ্য কাৰিকৰী বিভাগ নলবাৰী সংমণ্ডলৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে আজি অনশন কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰায় দাহ-বাৰ বছৰ বিনা বেটনে কাম কৰা তথা চৰকাৰী ভাবে চাকৰি নিয়মীয়া কৰণ নকৰাৰ প্ৰতিবাদত আজি শতাধিক কৰ্মচাৰীয়ে জিলা অভিযন্তাৰ কার্যলয়ৰ সন্মুখত প্ৰতিবাদ কৰে । বিভিন্ন শ্লগান দি প্ৰতিবাদকাৰী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগত চৰকাৰী শৌচলয় সন্দৰ্ভত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে । সমান্তৰালভাৱে নলবাৰী বিদ্যাপুৰস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত সংঘটিত হৈ আছে ব্যাপক দুৰ্নীতি । নিবনুৱা যুৱকে ঠিকাৰ কামৰ বাবে পঞ্জীয়ন বনাব গলে চৰকাৰী মাচুলৰ উপৰিও একাংশ মধ্যভোগী দালালে ৪০-৫০ হাজাৰ টকালৈ দাবী জনাই বুলি অভিযোগ উত্থাপন হৈছে । টকা দিব নোৱাৰিলে নানান নীতি নিয়মৰ দোহাই দি অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ পৰা খেদি পঠিওৱা হোৱাৰ বিপৰীতে ঘোষ প্ৰদান কৰা ব্যক্তিক প্ৰায় লাগতিয়াল নথি পত্ৰ নোহোৱাকৈ ঠিকাৰ পঞ্জীয়ন প্ৰদান কৰা বুলিও অভিযোগ উত্থাপন কৰিছে নলবাৰীৰ হিন্দু ক্ৰান্তি দলে । হিন্দু ক্ৰান্তি দলৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে প্ৰকাশ কৰে যে জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত হৈ থকা এই দুৰ্নীতি যদি অতি সোণকালে বন্ধ নহয় তেন্তে হিন্দু ক্ৰান্তি দলে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী লবলৈ বাধ্য হব ।


