নলবাৰী ক্ৰীড়া সন্থাৰ আন্তঃ ক্লাৱ ভলীবল লীগৰ সফল সামৰণি…

নলবাৰী ক্ৰীড়া সন্থাৰ আন্তঃ ক্লাৱ ভলীবল লীগৰ সফল সামৰণী **যোৱাকালি(১৩ নৱেম্বৰ) নিশা ৯ বজাত অনুষ্ঠিত হোৱা চুড়ান্ত খেলত ল’ৰাৰ শাখাত নিজ পকোৱা সুনীতি সংঘই নলবাৰী ভলীবল ক’চিং চেণ্টাৰক ২৫–২২, ২১–২৫, ২৫–১৯ আৰু ২৫–১৭ত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় নিজ পকোৱা সূনীতি সংঘৰ নীলকন্ঠ তালুকদাৰ।

খেলখন উদ্ধোধন কৰে নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰে। আনহাতে মহিলাৰ শাখাত পূব নলবাৰী ক’চিং চেণ্টাৰে নলবাৰী ভলীবল ক’চিং চেণ্টাৰক ২৫–১৯ আৰু ২৫–০৫ত পোনপোটীয়া শ্বেটত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে পূব নলবাৰী ক’চিং চেণ্টাৰৰ পূৰৱী কলিতাই। বিয়লী অনুষ্ঠিত হোৱা ল’ৰাৰ ছেমি ফাইনেলত নিজ পকোৱা সূনীতি সংঘই মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘক আৰু নলবাৰী ভলীবল ক’চিং চেণ্টাৰে ধমধমা ভলীবল ক’চিং চেণ্টাৰক পৰাজিত কৰে। মহিলাৰ ছেমি ফাইনেলত নলবাৰী ভলীবল ক’চিং চেণ্টাৰে বৰবৰী ভলীবল ক’চিং চেণ্টাৰক আৰু পূব নলবাৰী ক’চিং চেণ্টাৰে চামতা আঞ্চলিক ক্ৰীড়া সংঘক পৰাজিত কৰে।

নলবাৰী ক্ৰীড়া সন্থাৰ হকী সম্পাদক চন্দন হালৈয়ে আঁত ধৰা বঁটা বিতৰণী সভাত উপস্থিত থাকে বেলশৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি লক্ষী পাটোৱাৰী, সম্পাদক সুনীল পাটোৱাৰী, ক্ৰীড়া সংগঠক হৰিশ গোস্বামী, অসম ভলীবল সন্থাৰ সহঃ সম্পাদক দীপক কুমাৰ দাস, যুৱ ব্যাৱসায়ী ধ্ৰুৱজ্যোতি তালুকদাৰ, নলবাৰী ক্ৰীড়া সন্থাৰ ভলীবল বিভাগৰ সম্পাদক দেৱজিৎ ডেকা আদি বিশিষ্ট ব্যাক্তি সকল। উল্লেখ্য যে নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গ্ৰাম্যাঞ্চলৰ খেলুৱৈ সকলক উলিয়াই আনি ক্ৰীড়াৰ প্ৰসাৰ আৰু প্ৰতিষ্ঠাৰ স্বাৰ্থত নলবাৰী জিলাৰ ক্লাৱ-সংঘ সমূহক ক্ৰীড়া সন্থাৰ স্বীকৃতি প্ৰদান কৰিছিল। যাৰ ফলস্বৰূপে আন্তঃ ক্লাৱ ভলীবল লীগত ১৮টা ল’ৰাৰ আৰু ১২টা মহিলা ভলীবল দলে লীগত অংশ গ্ৰহন কৰি লীগখনক অনান্য মাত্ৰ দিবলৈ সক্ষম হয়।

Related Articles