হোজাই, ২৪ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ কাব্যজগতৰ এগৰাকী চিৰ নমস্য কবি নলিনী বালা দেবীৰ স্মৃতি দিৱস হোজাই জিলা সাহিত্য সভাই লংকাত দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰে। অসম সাহিত্য সভাৰ অন্যতম শাখা সভা লংকা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত শাখা কাৰ্যালয়ৰ প্ৰাঙ্গনত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত স্মৃতি দিৱসটি অনুষ্টিত কৰা হয়। পূৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হোজাই জিলা সাহিত্য সভাৰ সভাপৰি ড০ গুনেশ্বৰ শইকীয়াই। দিনৰ ২ বজাত অনুষ্টিত শ্রদ্ধাঞ্জলি অনুষ্টানত কবি গৰাকীৰ প্ৰতিচ্ছবিত মাল্যদান আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি, উপন্যাসিক ড০ সাৰদানন্দ দেৱগোস্বামীয়ে। উপস্থিত বিশিষ্ট অতিথি সকলে পুষ্পাঞ্জলি প্ৰদান কৰাৰ পাছত জিলা সভাপতি ড০ গুনেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্টিত স্মৃিতি চাৰণ সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে লংকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ইন্দ্ৰমোহন হাজৰিকা। নিৰ্দিষ্ট বক্তাগৰাকীয়ে অসমীয়া কাব্যজগতৰ মহান ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ জীৱন আলেখ্যৰ লগতে তেখেতৰ কবিতাৰ ভাৱ আৰু শব্দ চয়নৰ সম্পৰ্কে এক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটিত শশীপ্ৰভা শইকীয়া, অজন্তা তামূলী ফুকন, ৰস্মিৰেখা নেওগ, কল্পনা দেৱী গোস্বামী আদিয়ে নলিনীবালা দেৱীৰ কেইটি কালজয়ী কবিতা পাঠ কৰাৰ লগতে শিল্পি বিন্দিয়া কোৰে নিলিনীবালা দেৱীৰ এটি গীত পৰিবেশন কৰে। জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে আত ধৰা অনুষ্ঠানটিত ড০ সাৰদানন্দ দেৱগোস্বামী, পদ্মকান্ত নাথ, ইছমাইল আলী আদি অতিথি সকলেও বক্তব্য আগবঢ়ায়।


