Breaking

একলাখ ফটো আৰু দহ হাজাৰ কলাত্মক ফটোৰে বিশ্ব বন্দিত হোৱা নলিনী বৰুৱাৰ অমৰ সৃষ্টি বন্দী হ’ল চেলুলয়ডত 

0 87

শ্ৰীলংকাৰ কলম্বোত থকা ভাৰতীয় উচ্চায়ুক্তৰ অধিনস্থ বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ  সঞ্চালক পদত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লি এনত কৰ্মৰত হৈ থকা অসমৰ শিৱসাগৰৰ সু সন্তান তথা দেশৰ এগৰাকী প্ৰখ্যাত মিডিয়া এডুকেটৰ হিচাপে ১৯ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট অধ্যাপক অংকুৰণ দত্তই তেজপুৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰুৱাৰ জীৱন – দৰ্শন আৰু আলোকচিত্ৰ সমূহৰ ওপৰত নিৰ্মাণ কৰি উলিওৱা “লিৰিকেল লেন্স” শীৰ্ষক ৫২ মিনিটৰ ধ্ৰুপদী শৈলীৰ এখন অতি আকৰ্ষণীয় তথ্যচিত্ৰ দেওবাৰে বিয়লি ৮২ বছৰীয়া আলোকচিত্ৰ শিল্পী গৰাকীৰ উপস্থিতিৰ লগতে তেজপুৰৰ একাংশ কলাৰসিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচিত হয় তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত।

তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ উদ্যোগত আৰু ড° অনামিকা ৰয় সোঁৱৰণী ন্যাসৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত তথ্যচিত্ৰখন প্ৰথমবাৰৰ বাবে নলিনী বৰুৱাৰ উপস্থিতিত প্ৰদৰ্শন হোৱাৰ সময়ত ৫২ মিনিট সময় শিল্পী গৰাকীৰ বিখ্যাত আলোকচিত্ৰ সমূহৰ মাজত সৃষ্টিশীলতা প্ৰতক্ষ কৰি আপ্লুত হৈ পৰে বিশিষ্টজন। 

আনহাতে তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ সদস্যা অধ্যাপিকা ড° স্বপ্নালী কাকতিয়ে আতঁ ধৰা তথ্যচিত্ৰ উন্মোচনী অনুষ্ঠানটিৰ আৰম্ভণিতে তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিয়ে আদৰণী ভাষণ আগবঢ়াই তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ কৰ্মসূচী দাঙি ধৰি প্ৰতি মাহৰ দেওবাৰে বিশেষ চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থাৰ মাজত তেজপুৰৰ গৌৰৱ নলিনী বৰুৱাৰ সৃষ্টিৰাজিৰ ওপৰত এনে এখন তথ্যচিত্ৰ উন্মোচন কৰিবলৈ পাই ধন্য হৈছোঁ বুলি মন্তব্য কৰে। 

উল্লেখ্য যে, তথ্যচিত্ৰখন প্ৰদৰ্শনৰ আৰম্ভণিতে দেশৰ গণমাধ্যমলৈ প্ৰভুত বৰঙণি আগবঢ়োৱা, ১১খনকৈ গ্ৰন্থৰ স্ৰষ্টা, ১০ খনকৈ তথ্যচিত্ৰ নিৰ্মাতা, এহেজাৰৰো অধিক ৰেডিঅৰ শৈক্ষিক অনুষ্ঠান প্ৰযোজনা কৰা, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেলত অসংখ্য গৱেষণা পত্ৰ প্ৰকাশ কৰা অধ্যাপক অংকুৰণ দত্তই সৰুতেই আলোচনীৰ পাতত নলিনী বৰুৱাৰ কলাত্মক ছবি প্ৰতক্ষ কৰি উৎসুকতা বৃদ্ধি পাইছিল বুলি মন্তব্য কৰি ৮ টা দশক ধৰি ফটোগ্ৰাফী কৰি থকা ব্যক্তি পৃথিৱীৰ অন্য প্ৰান্তত নিশ্চয় নাই বুলি কৈ নলিনী বৰুৱাৰ ন্যুড ফটোৰ কলাত্মক দিশে বিশেষ ভাৱে সৃষ্টিশীলতা প্ৰতিপন্ন কৰে বুলি কয়।

২০০৮ চনত কটন মহাবিদ্যালয়ত “মিডিয়া এণ্ড কমিউনিকেশ্বন ষ্টাডী চেন্টাৰ” প্ৰতিষ্ঠা কৰা, ২০০৭ চনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত মাল্টি মিডিয়া বিভাগত উপ সঞ্চালক আৰু সহযোগী অধ্যাপকৰ উপৰি ২০১৯ ৰ পৰা ২২ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কমিউনিকেশ্বন এণ্ড জাৰ্ণেলিজম বিভাগৰ অধ্যাপক আৰু মুৰব্বী হিচাপে এসময়ত কৰ্মৰত অধ্যাপক দত্তই ভাষণ প্ৰসংগত বৰ্তমানে শ্ৰীলংকাত ভাৰত চৰকাৰৰ হৈ ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে দুয়োখন দেশৰ মাজত সেঁতুবন্ধনৰ কামত অতিকৈ ব্যস্ত থকাৰ পিছতো বৰ্তমানলৈকে তিনিলাখ ছবি আৰু ১০ হাজাৰ সৃষ্টিশীল কলাত্মক ছবি তোলা মহান শিল্পী গৰাকীৰ সৃষ্টি সমূহৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ কথা ভাৱিয়েই এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিবলৈ আগবাঢ়ি অহাৰ কথা সদৰী কৰে।

আনহাতে ৮২ বছৰীয়া নলিনী বৰুৱাই আজিও ফটো তুলি অহাতো এক আশাব্যঞ্জক খবৰ বুলি কৈ শিল্পীগৰাকীৰ ফটোগ্ৰাফীয়ে এটা শতিকা পূৰ্ণ কৰিব বুলি আশা ব্যক্ত কৰি ৬০ – ৭০ দশকতে ন্যুড ফটো তুলিবলৈ সমাজৰ পৰা প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ পিছতো আজি আমি ২০২৩ বৰ্ষতো এনে ন্যুড ফটোগ্ৰাফীৰ কথা ভাৱিবলৈ বহুবাৰ আগলৈ পিছলৈ চাব লগা হৈছে বুলি মন্তব্য কৰে।

মিডিয়া এডুকেটৰ হিচাপে দক্ষিণ এছিয়াৰ দেশ সমূহত বিভিন্ন শৈক্ষিক কামকাজত জড়িত হৈ গোলকীয় এক্সপ’জাৰ লাভ কৰা অধ্যাপক দত্তই ভাষণ প্ৰসংগত নলিনী বৰুৱাৰ সৃষ্টিশীল ফটো সমূহ সমগ্ৰ দেশৰ বাবেই আপুৰুগীয়া সম্পদ বুলি কৈ আমেৰিকাৰ ফটোগ্ৰাফী জাৰ্ণেলত ফটো প্ৰকাশ পোৱা আলোকচিত্ৰ শিল্পী অসমৰ একমাত্ৰ তেওঁৱেই বুলি কৈ তথ্যচিত্ৰখনত কেৱল শিল্পীগৰাকীৰ কন্ঠকে একমাত্ৰ ব্যৱহাৰ কৰি আগবঢ়াই নিয়াৰ পিছত মুক্তিৰ বাবে সংশ্লিষ্ট পক্ষৰ অনুমতি লাভ কৰাৰ প্ৰসংগও সদৰী কৰাৰ উপৰি অহা ১৯ জুলাইত অষ্টম মৃত্যুবাৰ্ষিকী হ’ব লগা তেওঁৰ সহধৰ্মিনী ড° অনামিকা ৰয়ৰ সোঁৱৰণতে এটি ন্যাস গঠন কৰা হৈছে বুলি কয়।

উল্লেখ্য যে, এই অনুষ্ঠানৰ মাজতে অধ্যাপক অংকুৰণ দত্তই শ্ৰীলংকাৰ পৰা কঢ়িয়াই অনা অংগ বস্ত্ৰৰে চাৰিকুৰি উৰ্ধৰ নলিনী বৰুৱাক বিশেষ ভাৱে সন্মান জনোৱাৰ লগতে তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ সভাপতি শৈলজা কুমাৰ পদ্মপতি, অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী আৰু উপসভাপতি হেমন্ত লহকৰকো  বিশেষ ভাৱে সন্মান প্ৰদান কৰে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন দাস, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অবনী কুমাৰ শৰ্মা, বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ বৰুৱা, ডাঃ জয়ন্ত কুমাৰ দাস, বিশিষ্ট লেখিকা ৰাজু বৰুৱা,অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, সংগীত শিল্পী অনিল কুমাৰ ভট্টাচাৰ্য, লেখিকা তথা চিকিৎসক ডাঃ অঞ্জুমণি চেতিয়া, বিশিষ্ট চিত্ৰশিল্পী মৃগেন কলিতা, তেজপুৰ সাহিত্য সভাৰ উপসভাপতি নবীন চন্দ্ৰ লহকৰ, প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা, বিশিষ্ট সমাজকৰ্মী ৰুবুল শৰ্মাকে ধৰি তেজপুৰৰ একাংশ কলাৰসিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অসমীয়া ক্লাবৰ তৰফৰ পৰাও অধ্যাপক অংকুৰণ দত্ত আৰু তেওঁৰ একমাত্ৰ দুহিতা আলফুলক গ্ৰন্থৰ টোপোলাৰে আদৰণী জনায়।

Leave A Reply