নৰ্থ ইষ্ট মডেলিংত নাম উজলিল গোসাইগাঁৱৰ কৰ্ত্তীমাৰী গাঁৱৰ জিয়ৰী মধুমিতা ভদ্ৰৰ…

নৰ্থ ইষ্ট মডেলিংত নাম উজলিল গোসাইগাওঁৰ কৰ্ত্তীমাৰী গাওঁৰ জিয়ৰী মধুমিতা ভদ্ৰৰ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কৰ্ত্তীমাৰী গাঁৱৰ স্বৰ্গীয় প্ৰশান্ত ভদ্ৰ আৰু মিঠু ভদ্ৰৰ একমাত্ৰ কনমানী জীয়ৰী মধুমিতা ভদ্ৰ।কাশ্যপ ইন্টাৰটেণ্টমেণ্ট গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটীৰ হোটেল গ্ৰেণ্ড ভবেন্দ্ৰ আলয়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগীতাত প্ৰথম স্থান পাবলৈ সক্ষম হয়। মিচ এণ্ড মিচেছ ইণ্ডিয়ান নেশ্বনেল দিবা ২০২৩ দ্বিতীয় মঞ্চৰ “নৰ্থ ইষ্ট উইনাৰ” বিজয়ী মধুমীতাই নিজৰ মাকৰ লগতে প্ৰশিক্ষন দিয়া শিক্ষয়িত্ৰী সমৰীয়া বৰ্মনৰ অশেষ কৃপাত এই স্থান পাবলৈ সক্ষম হয় বুলি সদৰী কৰে।

সৌন্দৰ্য প্ৰতিযোগীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নৰ্থ ইষ্টৰ ভিন্ন ৰাজ্যৰ প্ৰতিযোগীয়ে অনুষ্ঠানত ভাগ লোৱা পৰিলক্ষিত হয়।কোকৰাঝাৰ জিলাৰ লগতে সমগ্ৰ গোসাইগাঁও মহকুমালৈ সুনাম কঢ়িয়াই অনা মধুমিতা ভদ্ৰলৈ ৰাইজ তথা বিভিন্নজনে প্ৰশংসা কৰে।সাপটগ্ৰাম কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকত অধ্যায়ন কৰি থকা ছাত্ৰী মধুমিতা ভদ্ৰই ভৱিষ্যতোত ভাল মডেলিং হৈ অভিনেত্ৰী হোৱাৰ সপোন পুহি ৰাখিছে। তেওঁৰ ভাল দিনত দেউতাকক কাষৰত নাপাই দুখ প্ৰকাশ কৰাৰ লগতে বিজয়ী হোৱাত সুখী অনুভৱ কৰে। আগন্তুক দিনত মধুমিতাই আৰু আগুৱাই যাব বুলি তাৰ বাবে ৰাইজৰ সহায়,মৰম আৰু আশীৰ্বাদ বিচাৰিছে।

Related Articles