মহাকুম্ভত জিলিকিল শংকৰী সংস্কৃতিৰ আধাৰ নামঘৰ । Mahakumbhat Mela

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৭ জানুৱাৰীঃ Mahakumbhat Mela । সুদীৰ্ঘ ১৪৪ বছৰৰ পিছত প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভত শংকৰী সংস্কৃতিৰ সুবাস বিলালে নামঘৰে। একেদৰে বিশ্ব হিন্দু পৰিষদৰ সন্তু সন্মিলনত জিলিকি উঠিল মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সম্মানীয় সত্ৰাধিকাৰ শ্ৰী জনাৰ্দন দেৱ গোস্বামী ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰে দেৱ গোস্বামীয়ে কৰিলে বিশেষ বাৰ্তালাপো। শ্ৰী জনাৰ্দন দেৱ গোস্বামীৰ নেতৃত্বতে প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা মহাকুম্ভমেলাত পোন প্ৰথম বাৰৰ বাবে স্থাপন কৰা হৈছে অস্থায়ী নামঘৰ। যত শংকৰী সংস্কৃতি চৰ্চাৰ লগতে সাত দিনীয়াকৈ আয়োজন কৰা হল অখণ্ড ভাগৱত পাঠ। যি কুম্ভমেলাৰ ইতিহাসত প্ৰথম।নামঘৰৰ কাষত ৩০ ফুট ওখ মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ অৱৰূপ প্ৰতিষ্ঠা কৰা হয়।

লগতে তাত বিষ্ণুৰ বাহন গৰুন্দ আৰু ৰাম ভক্ত হনুমানৰ প্ৰতিকৃতিও প্ৰতিষ্ঠা কৰি এক আদৰ্শ দেখুৱালে। মহাকুম্ভত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰতি দিনে হাজাৰ হাজাৰ ভক্ত সমাগম ঘটিছে ।

সত্ৰাধিকাৰ দেৱ গোস্বামীৰ নিমন্ত্ৰণ ৰক্ষা কৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰয়াগৰাজৰ নামঘৰত উপস্থিত হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ভক্তই সত্ৰাধিকাৰ দেৱ গোস্বামীৰ সান্নিধ্য লাভ কৰি অভিভূত হৈ পৰে। মহাকুম্ভত শংকৰী আদৰ্শৰ প্ৰসাৰত সত্ৰাধিকাৰগৰাকীক অসমৰ বিশিষ্ট সমাজ সংগঠক বশিষ্ঠ বুজৰ বৰুৱা আৰু প্ৰজ্ঞা ফাউণ্ডেছনে সহায় কৰে।

Related Articles