দেৰগাঁৱৰ ৰঙামাটি তিনিআলিত সমাজকৰ্মী দন্দেশ্বৰ হাজৰিকাৰ সোঁৱৰণত নামঘৰৰ তোৰণ উন্মোচন…

আজি প্ৰয়াত সমাজকৰ্মী দণ্ডেশ্বৰ হাজৰিকাৰ ১৭তম মৃত্যু বাৰ্ষিকী লগত সংগতি ৰাখি ৰঙামাটি শেনছোৱা বৰ নামঘৰৰ মূল তোৰণ ৰঙামাটি ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিআলিত বিশিষ্ট সমাজসেৱক প্ৰয়াত দন্দেশ্বৰ হাজৰিকাৰ সোঁৱৰণত ৰঙামাটি শেনচোৱা বৰ নামঘৰৰ এখন স্মৃতি তোৰণ উন্মোচন কৰা হয়।

প্ৰয়াত দন্দেশ্বৰ হাজৰিকাৰ দুই পুত্ৰ ৰাজীৱ হাজৰিকা আৰু সঞ্জীৱ হাজৰিকাৰ লগতে পৰিয়াল বৰ্গই পিতৃৰ স্মৃতিত নিৰ্মান কৰা তোৰণখন আজি পুৱা উন্মোচন কৰে এক শৰণ ভাগৱতী সমাজৰ উপাচাৰ্য্য অজিত দাসদেৱে। তোৰণ উন্মোচনৰ পূৰ্বে জ্যোতি দাস দেৱে দন্দেশ্বৰ হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে। অনুস্থানৰ পুৱাৰে পৰা নাম প্ৰসংগ গায়ন- বায়নেৰে আধাত্মিক পৰিবেশে বিৰাজ কৰে অনুস্থানতিত ৰঙামাটি অঞ্চলৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰায় শতাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকি অনুষ্ঠান ভাগিৰ সৌষ্ঠভ বৃদ্ধি কৰে।

Related Articles