নামখলাত সাংবাদিকৰ আত্মসমালোচনা দিন আৰু ননৈ ভেলি ই-মিডিয়া কাউন্সিলৰ প্ৰতিষ্ঠা দিৱস পালন ৷

ভেৰুৱাত সাংবাদিক আত্মসমালোচনা দিন আৰু ননৈ ভেলি ই মিডিয়া কাউন্সিলৰ প্ৰতিষ্ঠা দিৱসটি সফলভাৱে ক’ভিদ প্ৰট’কল মানি পালন কৰে ৷ এই অনুষ্ঠানটি ৰূপায়নৰ ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহযোগিতা আগবঢ়োৱা উপদেষ্টা মণোৰঞ্জন শৰ্মা, সাংবাদিক দিলীপ ডেকা আৰু ডি ওৱাইৰ সাংবাদিক তথা নভেইমিৰ সভাপতি দ্বিপেন ডেকাৰ লগতে উপস্থিত প্ৰতিগৰাকী সন্মানীয় সদস্যলৈ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনােৱা হয় । অনুষ্ঠানৰ গছপুলি ৰোপক তথা ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া , সাংবাদিক সমালোচক তথা ভেৰুৱা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীন কলিতা, ‍শান্তি বন্তি প্ৰজ্জ্বলক হেমন্ত ডেকালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তি, স্থানীয় ৰাইজলৈ ধন্যবাদ আৰু শলাগৰ শৰাই আগবঢ়াই নভেইমিৰ সম্পাদক তথা প্ৰাগ নিউজৰ সম্পাদক কমল নাথে ৷

Related Articles