নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ(Namphake news)উদ্যোগত আৰু নাহৰকটীয়া কলেজৰ অসমীয়া বিভাগৰ সহযোগত ‘অসমৰ সংস্কৃতি আৰু সাংস্কৃতিক পৰ্যটন’ শীৰ্ষক এখন আলোচনাচক্ৰ আৰু ক্ষেত্ৰ অধ্যয়ন অনুষ্ঠিত হয়। ১৪ আৰু ১৫ জুন তাৰিখে নামফাকে গাঁও আৰু নাহৰকটীয়া কলেজত অনুষ্ঠিত এই দুদিনীয়া কাৰ্যক্ৰমনিকাত সমল ব্যক্তি হিচাপে অংশ লয় মহাথেৰ জ্ঞানপাল ভিক্ষু, নাহৰকটীয়া কলেজৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ আৰু লেখক-সাংবাদিক পেইম থি গোহাঁয়ে। প্ৰথম দিনাৰ আলোচনা-চক্ৰ অনুষ্ঠিত হয় নামফাকে গাঁওৰ বৌদ্ধ মঠৰ প্ৰেক্ষাগৃহত।
দ্বিতীয় দিনাৰ আলোচনা-চক্ৰ অনুষ্ঠিত হয় নাহৰকটীয়া কলেজত। দুয়োটা দিনতে টাইফাকে সকলৰ ঘৰে ঘৰে গৈ পৰ্যটন সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰে। এই কাৰ্যসূচীৰ স্থানীয় সমন্বয়কৰ দায়িত্বত থাকে নাহৰকটীয়া কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ পৰেশ খনিকৰ। নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মুনমী দত্ত, কংকনা বাৰিক, গৱেষক পূবালী বৰা, খগেন পেগু আৰু কৃপাৰেখা গগৈয়ে অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ তত্ত্বাৱধায়ক হিচাপে দায়িত্ব লয়।
নৰ্থ লখিমপুৰ কলেজ আৰু নাহৰকটীয়া কলেজৰ মুঠ 75 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সমগ্ৰ কাৰ্যসূচীত অংশ লয়। এই ক্ষেত্ৰ অধ্যয়ন আৰু আলোচনাচক্ৰৰ পৰিকল্পনা, পৰিচালনা আৰু মুখ্য সমন্বয়কৰ দায়িত্বত আছিল নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী ডক্টৰ অৰবিন্দ ৰাজখোৱা।