নম্ৰতা বৰাৰ মৃত্যুকাণ্ডত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য – “উচিত আৰু নিৰপেক্ষ তদন্ত হওঁক” । namrata bora

namrata bora । শ্বিলঙলৈ বন্ধু-বান্ধৱীৰ সৈতে ভ্ৰমণলৈ গৈ থকা অধিবক্তা নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুকাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ঘটনাটো সম্পূৰ্ণ ৰূপে পোহৰলৈ আনিবলৈ তেওঁ মেঘালয় চৰকাৰক এক উচ্চ-স্তৰৰ তদন্তৰ আহ্বান জনাইছে।

যোৱা ৪ জুন, বুধবাৰে পুৱতি নিশা মেঘালয়ৰ নংপো আৰক্ষী থানাৰ ওচৰত AS 01 EV 9578 নম্বৰৰ বাহন এখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নম্ৰতা বৰাৰ দুৰ্ঘটনাজনিত মৃত্যু হয়, যদিও বাহনত থকা আন চাৰিজন যাত্ৰীয়ে কেৱল সামান্য আঘাত পায়। এই ঘটনাই চাৰিওফালে প্ৰশ্ন আৰু সন্দেহৰ সৃষ্টি কৰিছে।

সামাজিক মাধ্যমত এক প’ষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, “নংপো আৰক্ষী থানাৰ সমীপত সংঘটিত শোকাৱহ ঘটনাটোৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ মই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।” তেওঁ লগতে কয়, “শোকসন্তপ্ত পৰিয়াল আৰু শুভাকাংক্ষীসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি মই অনুৰোধ জনাইছোঁ যে ঘটনাৰ সৈতে জড়িত সকলো তথ্য পোহৰলৈ আনিবলৈ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা উপযুক্ত আৰু নিৰপেক্ষ তদন্ত সম্পাদন কৰা হওক।”

মুখ্যমন্ত্ৰীৰ এই আহ্বানক ইতিবাচকভাৱে গ্ৰহণ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইও। তেওঁ নিশ্চিত কৰিছে যে, ঘটনাটোৰ ন্যায়সঙ্গত তদন্ত হ’ব আৰু সন্দেহজনক সকলো দিশ পৰীক্ষা-নিৰীক্ষা কৰা হ’ব।

ইপিনে, তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি অসম আৰক্ষীও আশ্বাস প্ৰদান কৰিছে। অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰী দুজনৰ এই সদিচ্ছাৰ বাবে পৰিয়াল আৰু নাগৰিক সমাজে ন্যায় বিচাৰৰ আশাৰে অপেক্ষা কৰি আছে

Related Articles