“মেঘালয়লৈ যোৱাৰ পূৰ্বে গুৱাহাটীত হত্যা কৰা হৈছিল নেকি নম্ৰতাক ! বিধায়ক পুত্ৰৰ বহু গোপন অধ্যায় জানিছিল নেকি নম্ৰতাই !”namrata bora

namrata bora। নম্ৰতা কাণ্ডত দিনক দিনে বাহিৰলৈ আহি আছে নতুন নতুন চাঞ্চল্যকৰ তথ্য। এতিয়া প্ৰশ্ন উঠিছে একাংশ ৰাইজৰ মাজত — মেঘালয়লৈ যাত্ৰা কৰাৰ আগতেই নম্ৰতাক গুৱাহাটিতে হত্যা কৰা হৈছিল নেকি ! লগতে এই বুলিও চৰ্চা হৈছে
পূৰ্বে এক পথ দূৰ্ঘটনাৰ ৰূপত উপস্থাপন কৰা ঘটনাটো বৰ্তমান এক সুপৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ উত্থাপন কৰিছে ।


বিশেষকৈ নম্ৰতাৰ মৃত্যুৰ পূৰ্বে যিসকল লোকৰ সৈতে তেওঁৰ যোগাযোগ আছিল, তেওঁলোকৰ বক্তব্য আৰু নম্ৰতাৰ মোবাইল কল-ডাটা ৰেকৰ্ড বিশ্লেষণ কৰিলে বহু গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত হোৱাৰ সম্ভাৱনা পাব বুলি চৰ্চা চলিছে ।

এই বুলিও চৰ্চা হৈছে যে – নম্ৰতাই এজন বিধায়কৰ পুত্ৰৰ একাধিক গোপন অধ্যায়ৰ বিষয়ে অৱগত আছিল। যিহেতু বিধায়ক পুত্ৰজন এক উদীয়মান উদ্যোগপতি, একাংশ বিনিয়োগ আৰু ঠিকা প্ৰকল্পৰ সৈতে জড়িত, লগতে তেওঁৰ চৰ্চিত পাৰ্টি লাইফষ্টাইল আৰু কিছু বিতৰ্কিত সম্পৰ্কৰ বিষয়ে বিভিন্ন মহলে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে ।

এই বুলিও চৰ্চা হৈছে যে -এনে কিছু তথ্য আছিল, যিয়ে বাহিৰলৈ অহাৰ আশংকাত উচ্চপদস্থ কিছুমান চক্ৰ আতংকিত হৈ পৰিছিল।


নম্ৰতাই নিজৰ মোবাইলত সংৰক্ষণ কৰি ৰখা ভিডিঅ’, অডিঅ’ সন্দেহজনকভাৱে মচি পেলোৱা হৈছে, যাৰ তদন্ত চলি আছে। সেয়ে এই বুলি চৰ্চা চলিছে একাংশ মাজত নম্ৰতাক গুৱাহাটীত হত্যাৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি আৰু তাৰপাছত মৃতদেহটো মেঘালয়ত পথ দূৰ্ঘটনাৰ ৰূপ দিব বিচাৰিছে । সেয়ে ‘পথ দূৰ্ঘটনা’ বিষটোৰ প্ৰকৃত সত্যতাটো আৰক্ষীৰ । তদন্তহে  ওলাই পৰিব কোন দোষী !

Related Articles