নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যু-কাণ্ডই(Namrata Bora) লৈছে নতুন ৰূপ! অধিবক্তা নম্ৰতাৰ দুৰ্ঘটনাত মৃত্যু নে হত্যা সেয়া ৰহস্যময় বিষয়!ঘটনাৰ ৰহস্য আৰু মৃত্যুৰ ন্যায় বিচাৰি গুৱাহাটীৰ দিছপুৰ আৰু মেঘালয়ৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ। এই ঘটনাত নাম সাঙোৰ খাইছে বিধায়ক হাফিজ বছিৰ আহমেদ কাচিমীৰ পুত্ৰ আনায়াতুল বাডুদৰ নাম।
মেডিকেললৈ যাম বুলি হঠাৎ শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্ৰতা বৰা। লগত আছিল চাৰি বুন্ধ। দুজন বন্ধু আু দুগৰাকী বান্ধৱী। মঙলবাৰে নিশা ৫ বন্ধু-বান্ধবীৰ সৈতে শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্ৰতা বৰা। নম্ৰতা বৰা আছিল আইনৰ ছাত্ৰী। পুৱতি নিশা ওভতি অহা পথতে মেঘালয়ৰ ৰিভয় জিলাত দুৰ্ঘটনাত পতিত হয় বাহনখন। এই দুৰ্ঘটনাত মৃত্য হোৱা বুলি খবৰ প্ৰকাশ নম্ৰতা বৰাৰ।
নম্ৰতাৰ লগত শ্বিলঙলৈ যো চাৰি বন্ধু-বান্ধৱীৰ ভিতৰত এজন আচিল AIUDFৰ যুৱ নেতা আনায়াতুল বাডুদ।আনায়াতুল বাডুদ AIUDF ৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাচিমীৰ পুত্ৰ। আনহাতে দুৰ্ঘটনা হোৱাৰ পিছতে আনায়াতুল বাডুদে ঘটনাস্থলীৰ পৰা পলায়ন কৰা অভিযোগ।আনায়াতুল বাডুদৰ বয়স হৈছে ৪৫ বছৰ।
ইফালে নম্ৰতাৰ পৰিয়ালৰে এয়া হত্যাকাণ্ড বুলি কৈছে, এয়া দুৰ্ঘটনা হ’বই নোৱাৰে বুলি কয়৷ আনহাতে নম্ৰতাই শ্বিলং যোৱা পূৰ্বে কোঠাৰ দুৱাৰ আৰু আইফোন এৰি গৈছিল ৰুমতে। আনহাতে নম্ৰতাই এপাৰ্টমেণ্টৰ পৰা ওলাই যোৱাৰ সময়ত ফ্লেটৰ সুৰক্ষা কৰ্মীক কৈছিল মেডিকেলৈ যাওঁ বুলি। এই সমগ্ৰ ঘটনা ৰহস্য মেৰপাকত। কি সঁচা কি মিচা সেয়া সময়ত হ’ব লক্ষণীয়। নম্ৰতা বৰাৰ মৃত্যুৰ ন ন তথ্য পোহৰলৈ৷ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটানাৰ ৰহস্য, এয়া দুৰ্ঘটনাত মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড। আনহাতে নম্ৰতাৰ পিতৃয়ে এই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰাৰ সহায় বিচাৰিছে।
আনহাতে বন্ধু-বান্ধৱীৰ সৈতে শ্বিলং ভ্ৰমণৰ দৃশ্য ভাইৰেল নম্ৰতা বৰাৰ। সামাজিক মাধ্যমত চৰ্চিত বিশেষ ভিডিঅ’টো। হাঁহি-ধেমালিৰে প্ৰত্যক্ষ কৰা গৈছে সকলোকে।