Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

গোলাঘাটৰ নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি সামাজিক মাধ্যম(Namrata Bora)যোগে মেঘালয়ৰ মুখ্যমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে সামাজিক মাধ্যমত-(himanta biswa sarma)

‘যোৱা ৪ জুন, বুধবাৰে পুৱতি নিশা নংপো আৰক্ষী থানাৰ সমীপত সংঘটিত শোকাৱহ ঘটনাটিৰ বিষয়ত দৃষ্টি নিক্ষেপ কৰিবলৈ মই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীকনৰাড চাংমা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।(Conrad Sangma)

এ এছ-০১ ই ভি-৯৫৭৮ পঞ্জীয়ন নম্বৰযুক্ত এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নম্ৰতা বৰা নামৰ এগৰাকী যুৱতীৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়, আনহাতে আন চাৰিজন সহযাত্ৰীয়ে সামান্য আঘাতহে পায়। নংপো আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে। তথাপি শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি মই অনুৰোধ জনাইছোঁ যে ঘটনাৰ সৈতে জড়িত সকলো তথ্য পোহৰলৈ আনিবলৈ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা এক উচিত আৰু নিৰপেক্ষ তদন্ত সম্পাদন কৰা হওক।’

মঙলবাৰে নিশা ৫ বন্ধু-বান্ধবীৰ সৈতে শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্ৰতা বৰা। নম্ৰতা বৰা আছিল আইনৰ ছাত্ৰী। পুৱতি নিশা ওভতি অহা পথতে মেঘালয়ৰ ৰিভয় জিলাত দুৰ্ঘটনাত পতিত হয় বাহনখন। এই দুৰ্ঘটনাত মৃত্য হোৱা বুলি খবৰ প্ৰকাশ নম্ৰতা বৰাৰ। কিন্ত পৰিয়ালৰ লোকে এয়া দুৰ্ঘটনা নহয় হত্য়াকাণ্ড বুলিহে অভিযোগ কৰিছে। এই সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিল পৰিয়ালটোৱে। অৱশেষত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles