Breaking

জামুগুৰিহাটত পাৰিজাত ব্ৰেণ্ড চাহৰ সৰু পেকেটিং মুকলি কৰে নন্দন প্ৰতিম শৰ্মা বৰদলৈয়ে

0 1,033

৪ গৰাকী অসমীয়া উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা জামুগুৰিহাটৰ হাটিঙাৰ পদুমণিস্থিত “পদুমণি টি ফেক্টৰী”ত প্ৰস্তুত কৰা পাৰিজাত চাহ ব্ৰেণ্ডৰ “সৰু পেকেটিঙ” ৰাইজৰ বাবে আজি বজাৰলৈ মুকলি কৰা হয়৷চাহ ফেক্টৰিটোত আজি আয়োজিত চাহৰ সৰু পেকিটিং মুকলি অনুষ্ঠানটিত পেকেটিং সমুহৰ ফিটা কাটি মুকলি কৰে জ্যেষ্ঠ সাংবাদিক নন্দন প্ৰতিম শৰ্মা বৰদলৈয়ে৷জামুগুৰিহাটৰ উদ্যমী যুৱক ক্ৰমে চন্দন মহন্ত,প্ৰাঞ্জল বৰুৱা,অৰূপ ভড়ালী আৰু মনজিত ভূঞাৰ সাহস আৰু প্ৰচেষ্টাত গঢ় লৈ উঠা পদুমণি উদ্যোগটোত প্ৰস্তুত হোৱা এই “পাৰিজাত ব্ৰেণ্ড”ৰ চাহৰ শ্ৰীবৃদ্ধি মূখ্য অতিথি বৰদলৈয়ে কামনা কৰাৰ লগতে এই ব্ৰেণ্ড“ৰ চাহে ৰাজ্যৰ বজাৰখনত এক অনন্য মাত্ৰা লাভ কৰাৰ আশাও কৰে বৰদলৈয়ে৷

আনহাতে ক্ষুদ্ৰ চাহখেতিৰ লগত জড়িত হৈ বৰ্তমান সন্মিলিত প্ৰচেষ্টাত এইদৰে উদ্যোগ প্ৰতিষ্ঠা কৰি আন ৫০ জন শিক্ষিত যুৱকক কৰ্মসংস্থাপনৰ বাট দেখুৱাবলৈও সক্ষম হোৱা উদ্যোগী যুৱক মনজিত ভূঞাইও অসমীয়া লোকসকলক এইদৰে আগবাঢ়ি উদ্যোগ প্ৰতিষ্ঠা কৰি চাহৰ বজাৰখন আগুৱাই নিয়াত অংশীদাৰী হ’বলৈও অনুৰোধ জনাই৷

Leave A Reply