Breaking

নন্দেশ্বৰ দৈমাৰীৰ চুটি গল্পৰ কিতাপ জিউ সফৰনি দাখোন ৰ উন্মোচন

0 2,051

১৫নবেম্বৰত অসমীয়া আৰু বডো ভাষাৰ বিশিষ্ট লেখক নন্দেশ্বৰ দৈমাৰীৰ চুটি গল্পৰ কিতাপ জিউ সফৰনি দাখোনৰ ওদালগুৰি স্থিত লেখকৰ নিজ বাস ভৱনত অনুষ্ঠিত সাহিত্য অনুষ্ঠানত লেখক তথা সাংবাদিক বৈদ্যনাথ উপাধ্যায়ে উন্মোচন কৰে। একেখন সভাত নৱ লেখিকা ধনুশ্ৰী বসুমতাৰীৰ চুটি গল্পৰ কিতাপ ‘আং থৈনায়নি উনাৱ’ খনো বৈদ্যনাথ উপাধ্যায়ে উন্মেচন কৰে। তেখেতে লেখকক শুভেচ্ছা প্ৰদান কৰি আশা ব্যক্ত কৰে যে বডো পাঠক সমাজে চুটি গল্প সমূহ পঢিব আৰু বডো ভাষা সাহিত্যৰ উত্তৰনৰ বাবে চিন্তা কৰিব। সভাত অধ্যক্ষতা কৰে বডো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নীলকান্ত গয়াৰীয়ে। সভাত বডোলেণ্ড স্বায়ত্ত শাসনৰ পূৰ্বৰ উপ প্ৰমূখ প্ৰদীপ কুমাৰ দৈমাৰী, লিখক নবীন মল্ল বৰো, পালক জিত্চন দৈমাৰী, হেমন্ত স্বৰ্গিয়াৰী আৰু ওদালগুৰি কলেজৰ অধ্যক্ষ ড. লুক দৈমাৰীয়ে লেখক নন্দেশ্বৰ দৈমাৰীৰ লিখনিবোৰৰ ওপৰত বক্তব্য আগবঢায়। ২৫ মে ১৯৫৫ চনত ওদালগুৰি জিলাৰ অম্বাগাওঁৰ ওচৰৰ ঝকৰা গাওঁত জন্মগ্ৰহণ কৰা নন্দেশ্বৰ দৈমাৰীয়ে পঞ্চম মান শ্ৰেণীত পঢি থকা অৱস্থাৰ পৰাই চেগা চোৰোকাকৈ লিখিবলৈ আৰম্ভ কৰিছিল। এখেতে লিখা উপন্যাস মঞ্জুবালা দেবী গুৱাহাটী বিশ্ববিদ্যালয়ৰ বডো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। তেখেতৰ আন গ্ৰন্থবোৰ হৈছে- থাংনায়নি দাৱহা, বক্সিং, অবে নেনায় দালাঙা বায়গ্ৰেবনায়চো, হাদাননি ফানজাৰি, আং খুদ্ৰিদোং, বৰবাদ আৰু অসমীয়া ভাষাত নৰেশ্বৰৰ পৰা ভুপেন হাজৰিকালৈ আৰু প্ৰাসংগিক প্ৰসংগ। অসম চৰকাৰে তেখেতৰ সাহিত্যিক অবদানৰ বাবে চন ২০০০ চনত সাহিত্যিক পেঞ্চন প্ৰদান কৰিছে। ২০০৯ চনত ৰাজ্যিক শিক্ষক পুৰস্কাৰো প্ৰদান কৰা হৈছে। নন্দেশ্বৰ দৈমাৰীয়ে চুটি গল্পৰ বাবে ১৯৭১ চনত দৈনিক অসমৰ পুৰস্কাৰ, ১৯৯৫ চনত বডো সাহিত্য সভাৰ সোমেশ্বৰী ব্ৰহ্ম পুৰস্কাৰ, ২০০৭ চনত মংগলচণ্ডি ব্ৰহ্ম পুৰস্কাৰ, ২০১৮ চনত শ্বহীদ ফোৰদানা দৈমাৰী পুৰস্কাৰ, ২০১৯ ত বডো ৰাইটাৰ্চ একাদেমী পুৰস্কাৰ প্ৰাপ্ত কৰিছে। নন্দেশ্বৰ দৈমাৰীক মানুহে সহজ সৰল স্বভাৱ আৰু তেওঁৰ গল্পবোৰৰ বাবে জানে।

Leave A Reply