থানাই থানাই জৰিমনা, জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ অভিনেত্ৰী নন্দিনী কাশ্যপদুৰ্ঘটনাৰ পাছতো নকৰা হৈছিল আৰক্ষীৰ সৈতে যোগাযোগ – DCP জয়ন্ত সাৰথি বৰা । nandini kashyap

গুৱাহাটী, ৩০ জুলাইঃnandini kashyap ।
অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠোৰ আইনগত পদক্ষেপ। গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ উপ-আয়ুক্ত (DCP) জয়ন্ত সাৰথি বৰাই স্পষ্টকৈ জনাইছে যে, নন্দিনীৰ বিৰুদ্ধে জামিনবিহীন ধাৰা সন্নিবিষ্ট কৰি ৰুজু কৰা হৈছে গোচৰ।

DCP জয়ন্ত বৰাই সংবাদমেলত কয় –
“২৫ জুলাইৰ নিশা ওদালবাক্ৰা অঞ্চলত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ নিশাই অভিনেত্ৰীগৰাকীয়ে কোনো ধৰণৰ তথ্য যান-বাহন আৰক্ষীক অৱগত নকৰিলে।”
পিছত, নন্দিনী কাশ্যপক থানালৈ মাতি সোধ-পোছ কৰা হয় আৰু প্ৰথম অৱস্থাত জামিনযোগ্য ধাৰাত গোচৰ ৰুজু কৰা হয়। কিন্তু ছামিউল হকৰ মৃত্যুৰ পাছত আৰক্ষীয়ে আদালতৰ অনুমতিসহ নতুনকৈ BNS (Bharatiya Nyaya Sanhita)ৰ ১০৫ ধাৰা সংযোগ কৰে, যিটো জামিনবিহীন

নন্দিনীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ নম্বৰ 630/25 ৰুজু হয়, য’ত প্রাথমিকভাৱে 115(2)/125(b)/281 BNS ধাৰাসমূহ সংযুক্ত আছিল। ছামিউলৰ মৃত্যুৰ পাছত 105 ধাৰা সংযোগ কৰি নিশা ১:৩০ বজাত গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী কাশ্যপক।

গাড়ীৰ বিষয়ে তদন্ত জাৰি
দুৰ্ঘটনাৰ পাছত জব্দ কৰা বাহনখন প্ৰথমে MVI (Motor Vehicle Inspector) পৰীক্ষাৰ বাবে পঠোৱা হৈছিল যদিও এতিয়া সেইটো ফৰেন্সিক পৰীক্ষাৰ বাবে পুনৰ জব্দ কৰা হৈছে। বাহনখনে দুচকীয়া বাহন খুন্দিয়াইছিল নে নাই – সেয়া নিৰূপণ কৰা হ’ব।

DCP জয়ন্ত বৰাই লগতে উল্লেখ কৰে —
“নন্দিনী কাশ্যপৰ নামত থকা বাহনখনে আগতে বিভিন্ন জিলাত তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে জৰিমনা বিহাৰ তথ্য পোৱা গৈছে।”

যোগাযোগৰ অভাৱ
নিশাৰ দুৰ্ঘটনাৰ পাছতো নন্দিনীয়ে আৰক্ষীৰ সৈতে কোনো যোগাযোগ নকৰা বিষয়ে চৰকাৰীভাৱে নিশ্চিত কৰে বিষয়াগৰাকীয়ে।
“এই ঘটনাটোত প্ৰথমতে দুবাৰ থানালৈ অহাৰ পাছতো গ্ৰেপ্তাৰ কৰিব পৰা নগ’ল, কাৰণ ধাৰাসমূহ জামিনযোগ্য আছিল। কিন্তু শেহতীয়াকৈ জামিনবিহীন ধাৰা সংযোগ হোৱাৰ লগে লগে অভিনেত্ৰীক গ্ৰেপ্তাৰ কৰা হয়,” বুলি স্পষ্ট কৰে DCP গৰাকীয়ে।

উল্লেখযোগ্য যে, ২৫ জুলাই নিশা নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় ছামিউল হক নামৰ ২১ বছৰীয়া এজন পলিটেকনিক ছাত্ৰ। জিএমচিএইচত প্ৰাথমিকভাৱে চিকিৎসাধীন ছামিউলক পাছত ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়, য’ত তেওঁ মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

এই ঘটনাই এতিয়া অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি কৰিছে। অভিনেত্ৰী কাশ্যপৰ বিৰুদ্ধে চলি থকা তদন্ত আৰু আইনগত প্ৰক্ৰিয়াৰ দিশে এতিয়া সজাগভাৱে লক্ষ্য ৰাখিছে ৰাজ্যবাসীয়ে।

Related Articles