কি সঁচা, কি মিছা? (Nandini Kashyap) দুৰ্ঘটনা খবৰ নোপোৱা বুলি মিছা কৈছিল নেকি আৰক্ষীয়ে? যদি দুৰ্ঘটনা সংঘটিত কৰা খবৰে পোৱা নাছিল আৰক্ষীয়ে তেন্তে কেনেকৈ নন্দিনী কাশ্যপে সংঘটিত কৰা দুৰ্ঘটনাস্থলীলৈ গৈছিল আৰক্ষী। এখন ফটো ভাইৰেল হৈছে বৰ্তমান, যিখন ফটোক লৈ এতিয়া বহু প্ৰশ্ন সৃষ্টি হৈছে মানুহৰ মনত।
গুৱাহাটী মহানগৰীৰ বহু চৰ্চিত হিট এণ্ড ৰাণ ঘটনাত নতুন মোৰ৷ দুৰ্ঘটনা সংঘটিত কৰিছে সেই বিষয়ে আৰক্ষীক জনোৱা বুলি দাবী কৰা অভিনেত্ৰী নন্দিনী কাশ্যপে মিছা মাতিছিল৷ তেওঁ দুৰ্ঘটনাৰ খবৰ আৰক্ষীক জনোৱাই নাছিল৷ বুধবাৰে এই বুলি দাবী কৰে গুৱাহাটীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই ৷ নন্দিনী কাশ্যপক গ্ৰেপ্তাৰৰ পিছতে বুধবাৰে সংবাদ মেল সম্বোধন কৰে গুৱাহাটীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই৷ বুধবাৰে নিশা শৰাইঘাট দলঙৰ সমীপৰ পৰা নন্দিনী কাশ্যপক আটক কৰিছিল দিছপুৰ আৰক্ষীয়ে৷ অৱশেষত নিশা পাণবজাৰ মহিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নন্দিনী কাশ্যপক৷ আৰক্ষীয়ে কয়– ‘২৫ জুলাইৰ নিশা ওদালবাক্ৰাত দুৰ্ঘটনাটো হৈছিল৷ দুৰ্ঘটনাৰ দিনা যান-বাহন আৰক্ষীক ঘটনাটো অৱগত কৰা নাছিল নন্দিনীয়ে৷ ২৬ জুলাইতহে যান-বাহন আৰক্ষীক ঘটনাটো অৱগত কৰিছিল৷ তাৰ পিছতেই নন্দিনী কাশ্যপক থানালৈ মাতি সোধা-পোছা কৰি ক্লিয়াৰ বণ্ডত যাবলৈ দিয়া হৈছিল৷’ আৰক্ষীয়ে লগতে কয় যে দিছপুৰ থানালৈ মাতি সোধা-পোছা কৰা হৈছিল নন্দিনী কাশ্যপক৷ প্ৰথমাৱস্থাত যিসমূহ ধাৰা সন্নিৱিষ্ট কৰা হৈছিল সেইসমূহ জামিনযোগ্য ধাৰা আছিল৷ ছামিউল হকৰ মৃত্যুৰ পিছত আদালতত আৰক্ষীয়ে জামিনবিহীন ধাৰা সন্নিৱিষ্ট কৰা বাবে আৱেদন কৰিছিল৷ আৰক্ষীয়ে কয়- প্ৰথমে গোচৰটোত দিছপুৰ থানাত ৬৩০য২৫ নম্বৰত ১১৫[২]য১২৫[b]য২৮১ BNS ধাৰাত গোচৰ ৰুজু হৈছিল৷ শেহতীয়াকৈ ১০৫ BNS ধাৰা গোচৰটোত সন্নিৱিষ্ট কৰা হৈছিল৷ আৰক্ষীয়ে মন্তব্য কৰে যে ‘নন্দিনী কাশ্যপে চলোৱা বাহনখন জব্দ কৰি এমভিআই কৰি পঠোৱা হৈছিল যদিও পুনৰ বাহনখন ফৰেণছিক পৰীক্ষাৰ বাবে জব্দ কৰা হৈছে৷ বাহনখনে দুচকীয়া বাহনখনত খুন্দিয়াইছিল নে নাই সেয়া পৰীক্ষা কৰা হ’ব৷ গুৱাহাটী যান-বাহন আৰক্ষীৰ ওচৰত নন্দিনী কাশ্যপৰ কোনো চালান নাই৷’ নন্দিনীৰ বিৰুদ্ধে পূৰ্বে বিভিন্ন জিলাত তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে জৰিমনা বিহাৰ তথ্য পোৱা গৈছে৷ দুৰ্ঘটনা সন্দৰ্ভত দিছপুৰ যান-বাহন আৰক্ষী অৱগত নাছিল৷ কোন বিষয়াৰে নন্দিনীয়ে যোগাযোগ কৰিছিল অথবা ছামিউলৰ সতীৰ্থসকলে ১০০ নম্বৰত ফোন কৰাৰ কথাত অজ্ঞতা প্ৰকাশ যান-বাহন শাখাৰ ডিচিপিয়ে৷ আৰক্ষীয়ে কয়- গোচৰটো হিট এণ্ড ৰাণ হয়নে নহয় সেয়া তদন্তত ওলাব৷ গোচৰ পঞ্জীয়ন হৈছে৷ পূৰ্বৰ গোচৰটোত জামিনযোগ্য ধাৰা সন্নিৱিষ্ট আছিল৷ সেয়ে দুবাৰকৈ থানালৈ অহাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল আৰক্ষীয়ে৷ ১০৫নং জামিনবিহীন ধাৰাটো সংযোগ কৰি নন্দিনীক নিশা গ্ৰেপ্তাৰ কৰা হৈছে৷
আনহাতে আৰক্ষীয়ে কৈছিল ২৫ জুলাইৰ নিশা ওদালবাক্ৰাত দুৰ্ঘটনাটো হৈছিল৷ দুৰ্ঘটনাৰ দিনা যান-বাহন আৰক্ষীক ঘটনাটো অৱগত কৰা নাছিল নন্দিনীয়ে৷ ২৬ জুলাইতহে যান-বাহন আৰক্ষীক ঘটনাটো অৱগত কৰিছিল৷ কিন্তু নন্দিনীয়ে সংঘটিত কৰা দুৰ্ঘটনাস্থলীত কেনেকৈ আৰক্ষী উপস্থিত হৈছিল এয়া এক অতি চৰ্চাৰ বিষয় বৰ্তমান সময়ত। ফটোখনৰ প্ৰকৃত ৰহস্য হয়তো পোহৰলৈ আহিব সোনকালে।