ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ (Nandini Kashyap) সৃষ্টি কৰা হিট এণ্ড ৰাণ গোচৰত অৱশেষত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী নন্দিনী কাশ্যপক৷ নিশা অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়৷ তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰা আৰোপ কৰা বুলি জানিব পৰা গৈছে৷ মঙলবাৰে সন্ধিয়া শৰাইঘাটৰ সমীপৰ পৰা আৰক্ষীয়ে আটক কৰিছিল অভিনেত্ৰীগৰাকীক৷ ‘ৰাজধানী থিয়েটাৰ’ৰ আখৰাগৃহৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁতে আটক কৰা হয় অভিনেত্ৰীগৰাকীক৷ তেওঁৰ গাড়ীৰ খুন্দাতেই গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা ছামিউল হকৰ মৃত্যুৰ পিছতেই মান্দাকাটাত থকা ৰাজধানী থিয়েটাৰৰ আখৰাগৃহ ত্যাগ কৰিছিল অভিনেত্ৰীগৰাকী৷
উল্লেখ্য যে একেলগে দুটা বছৰৰ বাবে ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ আছিল বিতৰ্কিত নন্দিনী কাশ্যপ৷ এইটো আছিল দ্বিতীয়টো বৰ্ষ ৷ ২০২৫-২৬ নাট্যবৰ্ষত ৰাজধানী থিয়েটাৰত মূল নায়িকাৰ চৰিত্ৰত আছিল নন্দিনী কাশ্যপ৷ কামৰূপৰ মান্দাকাটাত চলি আছে ২০২৫-২৬ নাট্যবৰ্ষৰ বাবে ৰাজধানী থিয়েটাৰৰ নাটকৰ আখৰা৷ অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত যুৱক ছামিউল হকৰ মৃত্যুৰ পিছতে ভ্ৰাম্যমাণ নাট্যগোষ্ঠীটোৱে অভিনেত্ৰীগৰাকীৰ সৈতে ইতিমধ্যে কৰি থোৱা চুক্তি বাতিল কৰাৰ এক খবৰ প্ৰকাশ পাইছে৷ এই প্ৰসংগত ৰাজধানী থিয়েটাৰৰ প্ৰযোজিকা মল্লিকা ৰয়ৰ সৈতে যোগাযোগ কৰাত তেওঁ কয়, ‘আমাৰ আলোচনা চলি আছে৷
বৰ্তমানলৈ আমি একো সিদ্ধান্ত লোৱা নাই৷ আমি ৰাইজৰ লগত আছোঁ৷’ মঙলবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ছামিউল হকে৷ ২৫ জুলাইৰ মাজনিশা কাহিলিপাৰাত নন্দিনীৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল যুৱকজন৷ তাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক ৷ সোমবাৰে উন্নত চিকিৎসাৰ বাবে যুৱকজনক ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত৷ গুৱাহাটীৰ কাহিিলপাৰাৰ দক্ষিণগাঁৱত শুকুৰবাৰে পুৱতি নিশা ঘণ্টাত প্ৰায় ১০০-১২০ কিলোমিটাৰ বেগত নিজৰ বলেৰ’ বাহনখন তেওঁ চলাই অহাৰ অভিযোগ উঠিছিল৷ বুধবাৰে অভিনেত্ৰীগৰাকীক আদালতত হাজিৰ কৰোৱা হয়৷
আনহাতে কালি ৰাতিৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটিছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ। নিম্ন ৰক্তচাপৰ বাবে নিশা চেলাইন দিয়া হৈছিল নন্দিনী কাশ্যপক। স্বাস্থ্য পৰীক্ষা কৰোৱা হয় নন্দিনীক।