ধেমাজিৰ নন্দিতা (Nandita Saikia) শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। ধেমাজি জিলা ছেচন ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়। ২০২১ চনৰ ২১ আগষ্টত নন্দিতাক দাৰে আক্ৰমণ কৰিছিল ৰিণ্টু শৰ্মাই।
৪ বছৰৰ অন্তত আদালতত দোষী সাব্যস্ত হ’ল ধেমাজিৰ মাজমজিয়াত দাৰে পূৰ্বপৰিকল্পিতভাৱে নন্দিতা শইকীয়া নামৰ এগৰাকী কলেজিয়া ছাত্ৰীক হত্যা কৰা ৰিন্টু শৰ্মা।
কালি ধেমাজি জিলা ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ 341/326/307/302 ধাৰাত দোষী সাৱ্যস্ত কৰে হত্যাকাৰী ৰিন্টু শৰ্মাক ৷
আজি নন্দিতা শইকীয়াক আক্ৰমনৰ ঘটনাৰ চাৰিবছৰ হ’ল। ধেমাজি আদালতে বিশেষ দিনটোতেই দোষী সাব্যস্ত হোৱা ৰিন্টু শৰ্মাৰ শাস্তিৰ বিধান কৰে ৷
উল্লেখযোগ্য যে ২০২১ চনৰ ২১ আগষ্টত মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক একেখন মহাবিদ্যালয়ৰে লাইব্ৰেৰী কৰ্মচাৰী ৰিন্টু শৰ্মাই ধেমাজিৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্হানৰ সন্মুখত দিনদুপৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল ৰিন্টু শৰ্মাই ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নন্দিতাৰ ২০২১চনৰ ২৫ আগষ্টত ডিব্ৰুগড়ৰ ব্ৰক্ষ্মপুত্ৰ নাৰ্চিহোংমত মৃত্যু হৈছিল।
অৱশেষত চাৰি বছৰৰ অনন্ত ন্যায় পালে নন্দিতাৰ পৰিয়ালে।নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ।

