Breaking

নাজিৰাৰ বিহুবৰত নৰবলিৰ অপচেষ্টা। যুৱতীৰ মাতৃক ২ লাখ টকা দিয়াৰ অভিযোগ, থানাত গোচৰ ভুক্তভূগীৰ…

0 106

একবিংশ শতিকাতো অন্ধ বিশ্বাসৰ পৰা পৰিত্ৰাণ পোৱা নাই একাংশ লোকে | শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী বিহুবৰত নৰবলিৰ অপচেষ্টা । শৈক্ষিক সমাজত পুনৰ লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । নাজিৰা বিহুবৰত সংঘটিত হৈছে এই ঘটনা । সহজলভ্য ধনৰ লালসাত এনে ধৰণৰ আজৱ ঘটনা সমূহ দুষ্ট চক্ৰ সমূহে ৰাজ্যত পুনৰাবৃত্তি কৰিব ধৰিছে। অভিযোগ অনুসৰি বিহুবৰৰ মোচোৰা মুণ্ডা নামৰ লোকজনে গুপ্ত ধনৰ সন্ধানত বলি দিবলৈ যো-জা চলাইছিল এগৰাকী যুৱতীক ।

যুৱতীৰ মাতৃক ২ লাখ টকা দি যুৱতীগৰাকীক কাম লৈ যোৱা পথৰ পৰা বলি দিবলৈ লৈ যোৱাৰ অপচেষ্টা কৰাৰ এক গুৰুত্বৰ অভিযোগ উঠিছে । প্ৰাণ ৰক্ষা কৰি ভুক্তভূগী যুৱতী গৰাকী উপস্থিত হয়গৈ আৰক্ষী থানাত । এতিয়া গুপ্ত ধনৰ লালসাত থকা অথবা নৰবলিৰ অপচেষ্টা চলোৱা বিহুবৰৰ মোচোৰা মুণ্ডা সদ্যহতে পলাতক হৈ আছে বুলি জানিব পৰা গৈছে । আৰক্ষীৰ তদন্তৰ পাছতহে যুৱতীৰ মাতৃক ২ লাখ টকা দিয়া আৰু নৰবলিৰ অপচেষ্টা চলোৱাৰ ঘটনাৰ সবিশেষ পোহৰলৈ অহাৰ পোষকতা কৰা হৈছে ।

Leave A Reply