ডিজিটেল ডেস্ক: Narendra Modi ৫ দেশৰ ঐতিহাসিক ভ্ৰমণত নৰেন্দ্ৰ মোদীপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা বিদেশ ভ্ৰমণ আৰম্ভ কৰিছে। বুধবাৰে তেওঁ প্ৰথম গন্তব্যস্বৰূপে ঘানালৈ ৰাওনা হৈছে। ভ্ৰমণকালত তেওঁ মুঠ পাঁচখন দেশ — ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া — পৰিদৰ্শন কৰিব।
আগন্তুক ৬ আৰু ৭ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ (BRICS) সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। যদিও ভ্ৰমণৰ সম্পূৰ্ণ কাৰ্যসূচী এতিয়াও চৰকাৰৰ ফালেৰে ঘোষিত হোৱা নাই, তথাপিও বিভিন্ন দ্বিপাক্ষিক, বহুপাক্ষিক আৰু আন আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা জানিবলৈ পোৱা গৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “অহা কেইদিনমানৰ ভিতৰত ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল, নামিবিয়াত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। বিশ্বৰ নেতাসকলৰ সৈতে মত বিনিময় আৰু সম্পৰ্ক উন্নয়নৰ উপায়ৰ বিষয়ে আলোচনা কৰিম।”
শেহতীয়াকৈ পহলগামৰ ঘটনাৰ পাছত ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ কঠোৰ স্থিতি বিভিন্ন মঞ্চত প্ৰকাশ কৰিছে। খবৰ অনুসৰি, ব্ৰিকছ সন্মিলনতো ভাৰতই সন্ত্ৰাসবাদৰ বিৰুদ্ধে সন্মিলিত পদক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়টো উত্থাপন কৰিব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব (Economic Relations) দম্মু ৰবিয়ে উল্লেখ কৰে যে, ব্ৰাজিলৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে আগন্তুক যৌথ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি নতুন দিল্লী আশাবাদী।
ইফালে, নামিবিয়া, আৰ্জেণ্টিনা আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতিসকলৰ সৈতে বৈঠকৰ সময়ত খনিজ সম্পদৰ যোগান নিশ্চিত কৰা, লগতে ব্ৰাজিলৰ সৈতে প্ৰতিৰক্ষা গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা বঢ়োৱাৰ দিশতো আলোচনা হ’ব বুলি ধাৰণা কৰা হৈছে।
বিশেষভাৱে উল্লেখযোগ্য যে, প্ৰায় ৩০ বছৰৰ পাছত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ঘানালৈ ভ্ৰমণ কৰিছে। সোণ আমদানিৰ ক্ষেত্ৰত ভাৰতৰ বাবে গুৰুত্বপূর্ণ অংশীদাৰ দেশ হিচাপে বিবেচিত ঘানালৈ এই ভ্ৰমণ ভাৰত-আফ্ৰিকা সম্পৰ্ক উন্নয়নৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব।